bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Leviticus 23
Leviticus 23
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
যিহোৱাই মোচিক ক’লে,
2
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কথা কোৱা, তেওঁলোকক এই কথা কোৱা যে ‘তোমালোকে যিহোৱাৰ যি সকলো পৰ্ব্ব পবিত্ৰ সভা বুলি ঘোষণা কৰিবা, মোৰ সেইবোৰ পৰ্ব্ব এই।
3
ছদিনৰ কাম কৰা যাব; কিন্তু সপ্তমদিন বিশ্ৰাম-দিন, অৰ্থাৎ সম্পূৰ্ণ বিশ্ৰামৰ, সেই দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা; সেয়ে তোমালোক থকা সকলো ঠাইতে যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন হ’ব।
4
যিহোৱাৰ যিবোৰ পৰ্ব্ব, যিবোৰ পবিত্ৰ সভা তোমালোকে নিজ নিজ নিৰূপিত সময়ত ঘোষণা কৰিবা, সেইবোৰ এই।
5
প্ৰথম মাহৰ চতুৰ্দশ দিনা সন্ধিয়া সময়ত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব হ’ব।
6
আৰু সেই মাহৰ পঞ্চদশ দিনা যিহোৱাৰ উদ্দেশ্যে খমীৰ নিদিয়া পিঠাৰ উৎসৱ হ’ব। তোমালোকে সাত দিন ধৰি খমীৰ নিদিয়া পিঠা ভোজন কৰিবা।
7
প্ৰথম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা।
8
কিন্তু সাত দিন যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; সপ্তম দিনা পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা’।”
9
পাছে যিহোৱাই মোচিৰ সৈতে কথা পাতি এইদৰে ক’লে,
10
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘মই তোমালোকক যি দেশ দিম, সেই দেশত সোমালে তোমালোকে যেতিয়া তাত শস্য দাবা, তেতিয়া, তোমালোকে দোৱা শস্যৰ আগভাগ বুলি এডাঙৰি পুৰোহিতৰ গুৰিলৈ আনিবা।
11
তোমালোকে গ্ৰহণীয় হ’বৰ বাবে, তেওঁ যিহোৱাৰ আগত সেই ডাঙৰি দোলাব; বিশ্ৰামবাৰৰ পাছদিনাখনত পুৰোহিতে তাক দোলাব।
12
আৰু যি দিনা তোমালোকে সেই ডাঙৰি দোলাবা, সেই দিনা যিহোৱাৰ উদ্দেশ্য হোমৰ অৰ্থে এটা এবছৰীয়া নিৰ্ঘূণী মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা।
13
তাৰ ভক্ষ্য নৈবেদ্য ঐফাৰ দহভাগৰ দুভাগ তেল মিহলোৱা মিহি আটা গুৰি; সেয়ে যিহোৱাৰ উদ্দেশ্য সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ হ’ব; আৰু তাৰ পেয় নৈবেদ্য এক হীন দ্ৰাক্ষাৰস চাৰিভাগৰ এভাগ হ’ব।
14
আৰু তোমালোকে নিজ ঈশ্বৰৰ উদ্দেশ্যে এই উপহাৰ ননা দিনলৈকে; পিঠা বা ভজা শস্য বা ছিঙা নতুন চেঁই ভোজন নকৰিবা; তোমালোকে থকা আটাই ঠাইতে এইয়া পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰকলীয়া বিধি।
15
সেই বিশ্ৰাম-বাৰৰ পাছদিনাৰ পৰা, দোলনীয় নৈবেদ্য স্বৰূপে ডাঙৰি অনা দিনাৰ পৰা তোমালোকে পুৰা সাত বিশ্ৰাম-বাৰ লেখ কৰিবা।
16
এইদৰে সপ্তম বিশ্ৰাম-বাৰৰ পাছদিনালৈকে তোমালোকে পঞ্চাশদিন লেখ কৰিবা। আৰু তেতিয়া যিহোৱাৰ উদ্দেশ্যে নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।
17
তোমালোকে থকা ঠাইৰ পৰা দোলনীয় নৈবেদ্যৰ অৰ্থে ঐফাৰ দহভাগৰ দুভাগ দুটা পিঠা আনিবা; সেইবোৰ মিহি আটাগুৰিৰে যুগুত কৰা আৰু খমীৰ দি তন্দুৰত তাও দিয়া হ’ব লাগে; সেইবোৰ যিহোৱাৰ উদ্দেশ্যে প্ৰথমে পকা শস্যৰ আগভাগ হ’ব।
18
আৰু তোমালোকে সেই দুটা পিঠাৰ লগত সাতোটা এবছৰীয়া নিঘূণ মেৰ পোৱালি আৰু এটা দমৰা গৰু আৰু দুটা মতা মেৰ উৎসৰ্গ কৰিবা; সেইবোৰৰ নিজ নিজ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যৰে সৈতে সেইবোৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
19
আৰু তোমালোকে পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা এবছৰীয়া মতা মেৰ-ছাগ পোৱালি উৎসৰ্গ কৰিবা।
20
আৰু পুৰোহিতে সেই প্ৰথমে পকা শস্যৰ পিঠাৰে সৈতে যিহোৱাৰ আগত দোলনীয় নৈবেদ্য স্বৰূপে সেইবোৰ দোলাব আৰু মেৰ পোৱালি দুটাৰে সৈতে পুৰোহিতৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
21
আৰু সেই দিনা তোমালোকে ঘোষণা কৰিবা, তোমালোকৰ পবিত্ৰ সভা হ’ব আৰু তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা; এইয়ে তোমালোকে থকা সকলো ঠাইতে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া সদাকালৰ বিধি।
22
আৰু তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ কালত, খেতিৰ চুকত থকা শস্যৰ সম্পূৰ্ণৰূপে নথকাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা। তুমি সেইবোৰ দুখীয়া আৰু বিদেশীৰ কাৰণে এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
23
পাছত যিহোৱাই মোচিক ক’লে,
24
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সপ্তম মাহৰ প্ৰথম দিনা তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন, শিঙা বজাই সোঁৱৰণ কৰোওৱা দিন আৰু পবিত্ৰ সভা হব।
25
সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা; আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা’।”
26
তাৰ পাছত যিহোৱাই মোচিক ক’লে,
27
“সেই সপ্তম মাহৰ দশম দিন অৱশ্যে প্ৰায়শ্চিত্তৰ দিন হ’ব; সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ সভা পালন কৰিবা; তোমালোকে উপবাস ৰাখিবা আৰু যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা।
28
আৰু সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ সেয়ে প্ৰায়শ্চিত্তৰ দিন হ’ব।
29
কিয়নো যিকোনোৱে সেই দিনা উপবাস নাৰাখে, তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
30
আৰু যিকোনো লোকে সেই দিনা কোনো প্ৰকাৰৰ কাম কৰিব মই তেওঁক তেওঁৰ লোকসকলৰ মাজৰ পৰা বিনষ্ট কৰিম।
31
তোমালোকে সেই দিনা কোনো প্ৰকাৰৰ কাম নকৰিবা; এইটো তোমালোকৰ সকলো নিবাসৰ ঠাইত পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।
32
সেই দিন তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন হ’ব; সেই মাহৰ নৱম দিনা তোমালোকে উপবাস ৰাখিবা আৰু সন্ধিয়া সময়ত এক সন্ধ্যাৰ পৰা আন সন্ধ্যালৈকে তোমালোকে তোমালোকৰ সেই বিশ্ৰাম-দিন পালন কৰিবা।”
33
আৰু যিহোৱাই মোচিক ক’লে,
34
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সেই সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে পঁজা-পৰ্ব্ব হ’ব।
35
প্ৰথম দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
36
তোমালোকে সাত দিনালৈকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গা কৰিবা; অষ্টম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; সেয়ে ধৰ্ম-সভা; সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
37
অগ্নিকৃত উপহাৰ, অৰ্থাৎ হোম-বলি, ভক্ষ্য নৈবেদ্য, মঙ্গলাৰ্থক বলি, আৰু পেয় নৈবেদ্য নিজ নিজ দিন উৎসৰ্গ কৰিবলৈ তোমালোকে পবিত্ৰ সভা বুলি ঘোষণা কৰিবলগীয়া যিহোৱাৰ পৰ্ব্ব এইবোৰ।,
38
যিহোৱাৰ বিশ্ৰাম-বাৰ বোৰৰ বাহিৰে আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি যি দান দিয়া, প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে আৰু ইচ্ছামতে এনেই দিবৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে তোমালোকে যি যি উপহাৰ দিয়া, সেই বোৰৰ কাৰণে এই পৰ্ব্ববোৰ পালন কৰিবা।
39
ভুমিত উৎপন্ন হোৱা শস্য চপোৱাৰ পাছত, সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাতদিন তোমালোকে অৱশ্যে যিহোৱাৰ উদ্দেশ্যে পঁজা পৰ্ব্ব পালন কৰিবা; প্ৰথম আৰু অষ্টম দিন সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন হ’ব।
40
আৰু প্ৰথম দিনা তোমালোকে শুৱনি গছৰ গুটি, খাজুৰ গছৰ পাত, ঘন পতীয়া গছৰ ডাল আৰু জুৰিৰ পাৰত থকা বাইচি গছ লৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত সাতদিন আনন্দ কৰিবা।
41
আৰু তোমালোকে বছৰে বছৰে সাতদিন যিহোৱাৰ উদ্দেশ্যে সেই উৎসৱ পালন কৰিবা; এইয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; সপ্তম মাহত তোমালোকে সেই উৎসৱ পালন কৰিবা।
42
তোমালোকে সাতদিন সৰু পঁজাত বাস কৰিবা। ইস্ৰায়েল বংশত ওপজা সকলোৱে সাত দিন সৰু পঁজাত বাস কৰিব;
43
কিয়নো যি বিষয়ে তোমালোকৰ ভাবী-বংশই যেন জানে যে মই কিদৰে ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা সময়ত পঁজাত বাস কৰাইছিলোঁ। মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
44
তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক যিহোৱাৰ সকলো পৰ্ব্বৰ কথা এইদৰে জনালে।
← Chapter 22
Chapter 24 →