bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Leviticus 22
Leviticus 22
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
যিহোৱাই মোচিক ক’লে, বোলে,
2
“ইস্ৰায়েলৰ সন্তানসকলে মোৰ উদ্দেশ্যে যি বস্তু পবিত্ৰ কৰে, তাৰ পৰা যেন নিজকে পৃথকে ৰাখে আৰু মোৰ পবিত্ৰ নাম যেন অপবিত্ৰ নকৰে, এনে আজ্ঞা তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিয়া। মই যিহোৱা।
3
তুমি তেওঁলোকক কোৱা, ‘ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা পবিত্ৰ বস্তুৰ ওচৰলৈ, পুৰুষানুক্ৰমে তোমালোকৰ বংশৰ মাজৰ যিকোনোৱে অশুচি হৈ ওচৰ চাপিব, তেওঁক মোৰ সন্মূখৰ পৰা উচ্ছন্ন কৰা হ’ব। মই যিহোৱা।
4
হাৰোণৰ বংশৰ মাজত যিজন লোক কুষ্ঠৰোগী বা যিজনৰ গাৰ পৰা কিবা বৈ থকা ৰোগ থাকে, তেওঁ শুচি নহয় মানে পবিত্ৰ বস্তুৰ একোকে ভোজন কৰিব নোৱাৰিব। আৰু মৰা শৱৰ দ্বাৰাই অশুচি হোৱা বস্তু চুব বা যিজনৰ বীৰ্য্যপাত হ’ব,
5
বা বস্তুৰ দ্বাৰাই মানুহ অশুচি হ’ব পৰা এনে বগাই ফুৰা জন্তু বা যিকোনো প্ৰকাৰ অশৌচ মানুহৰ পৰা লাগিব পৰা অৱস্থা, এনে অশৌচ থকা মানুহক যদি চুব,
6
সেই চুৱা লগা মানুহজন সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু পানীত নিজৰ গা নুধুলে পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব।
7
বেলি মাৰ গলেহে তেওঁ শুচি হ’ব। বেলি মাৰ যোৱাৰ পাছত তেওঁ পবিত্ৰ বস্তু ভোজন কৰিব পাৰিব, কিয়নো সেইবোৰ তেওঁৰেই আহাৰ।
8
পুৰোহিতে নিজক অশুচি কৰিবৰ অৰ্থে কোনো মৰি থকা বা হিংসুক জন্তুৱে ছিৰা পশুৰ মঙহ নাখাব। মই যিহোৱা।
9
এই হেতুকে তেওঁলোকে মোৰ পালনীয় নিৰ্দেশনাবোৰ পালন কৰিব লাগে, নতুবা তেওঁলোকে সেইবোৰ অপবিত্ৰ কৰিলে, তাৰ কাৰণে তেওঁলোক পাপত পৰিব আৰু তাৰ বাবে মৰিব। মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা।
10
পুৰোহিত বংশৰ নোহোৱা কোনো লোকে পবিত্ৰ বস্তু খাব নোৱৰিব; পুৰোহিতৰ ঘৰত থকা আলহী বা বেচ-খোৱা চাকৰসকলেও পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব।
11
কিন্তু যদি পুৰোহিতে ধন দি কোনো লোকক কিনি লয়, তেন্তে তেওঁ যিহোৱাৰ বাবে ৰখা অংশৰ পৰা ভোজন কৰিব পাৰিব; আৰু তেওঁৰ ঘৰৰ উপজা লোকসকল আৰু চাকৰসকলেও তেওঁৰ সৈতে আহাৰ খাব পাৰিব।
12
পুৰোহিতৰ জীয়েক যদি আন বংশৰ লোকৰ সৈতে বিয়া হয়, তেন্তে উপহাৰ স্বৰূপে দিয়া পবিত্ৰ বস্তু তাই ভোজন কৰিব নোৱাৰিব।
13
কিন্তু পুৰোহিতৰ জীয়েক যদি বিধৱা বা স্বামীয়ে ত্যাগ কৰা হয় আৰু তাইৰ যদি সন্তান নাথাকে আৰু নিজ পিতৃৰ ঘৰলৈ আহি, জীয়াৰীকালৰ দৰে থাকে, তেন্তে তাই পিতৃৰ আহাৰ খাব পাৰে। কিন্তু পুৰোহিত বংশৰ নোহোৱা লোকে সেই পুৰোহিতৰ আহাৰ ভোজন নকৰিব।
14
যদি কোনোৱে অজানিতে পবিত্ৰ বস্তু খায়, তেন্তে তেওঁ পুৰোহিতক তাৰ ক্ষতিপূৰণ কৰিব আৰু তাৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব।
15
এইদৰে ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুবোৰ পুৰোহিতসকলে অপবিত্ৰ নকৰিব,
16
ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকৰ পবিত্ৰ বস্তুবোৰ খোৱাৰ সময়ত, তেওঁলোকক দোষাৰোপ কৰি অপৰাধৰ ফল ভোগ কৰাব নালাগে। কিয়নো মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা’।”
17
পাছে যিহোৱাই মোচিক ক’লে, বোলে,
18
“তুমি হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ সকলো সন্তানক কোৱা; তেওঁলোকক এইদৰে কোৱা যে, ‘প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে দিয়া বা ইচ্ছামতে এনেই দিয়া, যিহোৱাৰ উদ্দেশ্যে হোম-বলি স্বৰূপে অনা উপহাৰবোৰৰ মাজৰ নিজৰ উপহাৰ যদি ইস্ৰায়েল বংশৰ কোনো মানুহে, নাইবা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা কোনো বিদেশীলোকে আনে,
19
তেন্তে সেয়ে গ্ৰাহ্য হ’বৰ বাবে গৰুৰ বা মেৰৰ বা ছাগলীৰ পৰা নিঘূণ মতা পশু উৎসৰ্গ কৰিব লাগে।
20
কিন্তু তোমালোকে ঘূণ থকা একোকে উৎসৰ্গ নকৰিবা। কিয়নো সেয়ে তোমালোকৰ পক্ষে মই গ্রহণ নকৰিম।
21
কোনো লোকে যদি প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে নাইবা ইচ্ছামতে এনেই দিবৰ অৰ্থে, গৰু, কি মেৰ, কি ছাগলীৰ জাকৰ পৰা মঙ্গলাৰ্থক বলি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰে, তেন্তে গ্ৰাহ্য হবৰ বাবে সেয়ে নিৰ্ঘূণ হব লাগিব। তাত কোনো ঘূণ থাকিব নালাগিব।
22
কণা, কি ঠেং ভগা, কি খুন হোৱা, কি পুঁজ-পানী বৈ থকা, কি খহুৱা, কি নিকৰি বন্ধা, এনে পশু তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা; আৰু তাৰ একোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে যজ্ঞবেদীত নুতুলিবা।
23
আৰু অধিক অঙ্গ কি কম অঙ্গ থকা গৰু, মেৰ বা ছাগলী পোৱালি ইচ্ছামতে এনেই দিয়া উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব পাৰা; কিন্তু প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে সেয়ে গ্ৰহণ নহ’ব।
24
আৰু অণ্ডকোষ চেপি ভঙা, কি খুন্দা, কি মুচৰি চিঙা, কি কটা, একোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা। এইবোৰ তোমাৰ দেশত উৎসৰ্গ নকৰিবা,
25
আৰু বিদেশীৰ হাতৰ পৰাও কিবা লৈ, সেইবোৰৰ মাজৰ তোমালোকৰ ঈশ্বৰৰ ভক্ষ্য স্বৰূপে উৎসৰ্গ নকৰিবা; কিয়নো সেইবোৰত দোষ আছে, সেইবোৰত ঘূণ আছে; সেইবোৰ তোমালোকৰ পক্ষে মই গ্ৰহণ নকৰিম’।”
26
পাছত যিহোৱাই মোচিক ক’লে,
27
“গৰু, কি মেৰ, কি ছাগলী জগাৰ পাছত সাতদিনলৈকে মাকৰ লগত থাকিব লাগিব। তেতিয়া অষ্টম দিনৰ পৰা যিহোৱাৰ উদ্দেশ্যে আগ কৰা অগ্নিকৃত উপহাৰৰ বাবে তাক গ্ৰহণ কৰা হ’ব।
28
গাই গৰু হওঁক, কি মাইকী মেৰ বা ছাগলী হওঁক, তাইক তাইৰ পোৱালিৰে সৈতে একেদিনাই মাৰিব নালাগে।
29
তোমালোকে যি সময়ত যিহোৱাৰ উদ্দেশ্যে অনুগ্ৰহ মনা বলি উৎসৰ্গ কৰিবা সেই সময়ত, গ্রহণ হবৰ বাবেহে তাক উৎসৰ্গ কৰিবা।
30
সেয়ে একেদিনাই তাক ভোজন কৰিব লাগিব। তোমালোকে ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিবা। মই যিহোৱা।
31
এই হেতুকে তোমালোকে মোৰ আজ্ঞাবোৰ পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা। মই যিহোৱা।
32
আৰু তোমালোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ নকৰিবা; কিন্তু মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত পবিত্ৰীকৃত হ’ম। তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা ময়েই।
33
তোমালোকৰ ঈশ্বৰ হবৰ বাবে যিজনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে। মই যিহোৱা।”
← Chapter 21
Chapter 23 →