bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Psalms 97
Psalms 97
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; দ্বীপ সমূহেও আনন্দ কৰক।
2
তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল ।
3
অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।
4
তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।
5
পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত।
6
আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।
7
লজ্জিত হওঁক সেইসকল, যিসকলে মূৰ্ত্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।
8
হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।
9
হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা; সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।
10
যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
11
ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।
12
হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
← Chapter 96
Chapter 98 →