bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Psalms 50
Psalms 50
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
2
চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
3
আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
4
তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।
5
“মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”
6
আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)
7
হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
8
তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
9
তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।
10
কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।
11
এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।
12
“মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
13
ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে?
14
ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
15
সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
16
কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?
17
কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।
18
চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।
19
দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।
20
তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।
21
এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।
22
তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
23
যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
← Chapter 49
Chapter 51 →