bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Psalms 138
Psalms 138
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম; দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
2
তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান ।
3
মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা; তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।
4
হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব; কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে।
5
তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব; কিয়নো যিহোৱাৰ গৌৰৱ মহান।
6
কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।
7
যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
8
যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব; হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী। তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।
← Chapter 137
Chapter 139 →