bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Matthew 4
Matthew 4
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
তাৰ পাছত চয়তানে যেন যীচুক পৰীক্ষা কৰিব পাৰে, সেয়ে পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ লৈ গ’ল।
2
তাত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাসে থকাৰ পাছত যীচুৰ ভোক লাগিল।
3
তেতিয়া চয়তানে আহি তেওঁক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।”
4
তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।”
5
তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গ’ল;
6
আৰু যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে নিজকে তললৈ পেলাই দিয়ক; কিয়নো শাস্ত্রত এইদৰে লিখা আছে, তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।”
7
যীচুৱে তাক ক’লে, “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্রত লিখা আছে।”
8
তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ’ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে।
9
চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।”
10
তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”
11
তেতিয়া চয়তানে তেওঁক এৰি গুচি গ’ল আৰু স্বৰ্গৰ দূত সকল আহি যীচুৰ শুশ্রূষা কৰিলে।
12
যীচুৱে যেতিয়া যোহনক বন্দী কৰি নিয়া বুলি শুনিলে, তেতিয়া তেওঁ গালীল প্রদেশলৈ গ’ল।
13
তেওঁ নাচৰত এৰি জবূলূন আৰু নপ্তালী এলেকাৰ গালীল সাগৰৰ তীৰত থকা কফৰনাহূমলৈ গৈ, তাত বাস কৰিবলৈ ধৰিলে।
14
যিচয়া ভাববাদীৰ দ্বাৰাই এই যি বচন কোৱা হৈছিল তাক পূর্ণ কৰিবলৈ এই সকলো ঘটিল:
15
“জবূলূন দেশ আৰু নপ্তালী দেশ, সাগৰৰ তীৰত, যৰ্দ্দনৰ সিপাৰত অনা-ইহুদী সকলৰ গালীল!
16
যি সকল লোকে অন্ধকাৰত বাস কৰি আছিল তেওঁলোকে মহা-জ্যোতি দেখিবলৈ পালে। যি সকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।”
17
সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, “তোমালোকে মন-পালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ আহি পালে।”
18
পাছত যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোতে দুজন ভাই-ককাই চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল।
19
যীচুৱে তেওঁলোকক ক’লে, “মোক অনুসৰণ কৰি আহা, মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।”
20
তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ’ল।
21
তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাৱত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে।
22
তেতিয়া তেওঁলোকে নিজৰ নাও আৰু বাপেককো এৰি যীচুৰ পাছে পাছে গ’ল।
23
যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।
24
সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
25
তাতে গালীল, দিকাপলি, যিৰূচালেম, আৰু যিহুদীয়া লগতে যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহ দল বান্ধি যীচুৰ পাছে পাছে আহিল।
← Chapter 3
Chapter 5 →