bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Leviticus 18
Leviticus 18
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
পাছত যিহোৱাই মোচিক ক’লে,
2
“তুমি ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
3
তোমালোকে যেতিয়া মিচৰ দেশত বাস কৰিছিলা, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা। মই তোমালোকক যি কনান দেশলৈ লৈ আহিম, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা আৰু তেওঁলোকৰ বিধি অনুসাৰেও নচলিবা।
4
তোমালোকে মোৰ শাসন প্ৰণালী মতে কাৰ্য কৰিবা আৰু মোৰ বিধিবোৰ পালন কৰিবা, আৰু সেইদৰে আচৰণ কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
5
এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰাণালীবোৰ সকলোকে পালন কৰিবা। কোনো এজন লোকে যদি সেইবোৰ পালন কৰে, তেনেহলে তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব। মই যিহোৱা।
6
তোমালোকে কোনেও উলঙ্গতা অনাবৃত কৰিবলৈ, নিজ বংশ পৰিয়ালৰ কাৰো ওচৰলৈ নাযাবা; মই যিহোৱা।
7
তুমি নিজ পিতৃক, তোমাৰ মাতৃৰ উলঙ্গতাৰেই অনাবৃত নকৰিবা; তেওঁ তোমাৰ মাতৃ; তেওঁক লজ্জিত নকৰিবা।
8
তোমাৰ পিতৃৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেইদৰে তোমাৰ পিতৃক লজ্জিত নকৰিবা।
9
তোমাৰ বাই, ভনী, তোমাৰ পিতৃৰ জীয়েক বা তোমাৰ মাতৃৰ জীয়েক, ঘৰত জন্মাই হওঁক বা আন ঠাইতে জন্মা হওঁক, তেওঁলোকৰ উলঙ্গতা অনাবৃত নকৰিবা।
10
তোমাৰ পো-নাতিয়েৰ বা জী-নাতিয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তেওঁলোকৰ উলঙ্গতা তোমাৰ নিজৰেই উলঙ্গতা।
11
তোমাৰ পিতৃৰ ঔৰসত জন্মা তোমাৰ পিতৃৰ ভাৰ্য্যাৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ ভনী।
12
তোমাৰ পিতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ পিতৃৰ ওচৰ সম্বন্ধীয়া।
13
তোমাৰ মাতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ মাতৃৰ ওচৰ সম্বন্ধীয়া।
14
তোমাৰ পিতৃৰ ককায়েক বা ভায়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তুমি তেওঁৰ ভাৰ্য্যাৰ ওচৰলৈ নাযাবা; তাই তোমাৰ বৰমা, বা খুৰী।
15
তোমাৰ বোৱাৰীয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ পো’ৰ ভাৰ্য্যা। তাইৰ উলঙ্গতা অনাবৃত নকৰিবা।
16
তোমাৰ ককায়েৰা বা ভায়েৰাৰ ভাৰ্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেয়ে তোমাৰ ককায়েৰা বা ভায়েৰাৰ উলঙ্গতা।
17
কোনো মহিলা আৰু তাইৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ পো-নাতিয়েক বা জী-নাতিয়েকক বিয়া নকৰিবা। তেওঁলোক ওচৰ সম্বন্ধীয়া; এইয়ে লম্পটতা।
18
নিজ তিৰোতাৰ সতিনী খটাবলৈ তাই জীয়াই থকা কালত, উলঙ্গতা অনাবৃত কৰিবৰ অৰ্থে তাইৰ লগত বায়েক বা ভনীয়েকক বিয়া নকৰিবা।
19
আৰু কোনো মহিলাৰ মাহেকীয়া অশৌচেৰে অশুচি হৈ থকা সময়ত, তাইৰ উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ ওচৰলৈ নাযাবা।
20
আৰু তুমি নিজকে অশুচি কৰিবলৈ ওচৰ-চুবুৰিয়াৰ ভাৰ্য্যাৰ লগত সহবাস নকৰিবা।
21
তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা।
22
তুমি মহিলাৰ লগত শয়ন কৰাৰ দৰে পুৰুষে সৈতে শয়ন নকৰিবা। সেয়ে ঘিণলগীয়া কৰ্ম।
23
আৰু তুমি নিজকে অশুচি কৰিবলৈ, কোনো জন্তুত পতিত নহ’বা; আৰু কোনো মহিলাই নিজৰে সৈতে সংসৰ্গ কৰিবলৈ, কোনো জন্তুৰ আগত থিয় নহ’ব, সেয়ে স্বভাৱৰ বিৰুদ্ধে কৰা কাৰ্য।
24
তোমালোকে এই কার্যবোৰৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা; কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্মৰ দ্বাৰাই অশুচি হ’ল।
25
আৰু সেই দেশখনো অশুচি হ’ল; এই হেতুকে মই তাৰ অপৰাধৰ ফল তাক ভোগ কৰালো আৰু সেই দেশে নিজ নিবাসীসকলক বতিয়াই পেলালে।
26
এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবা, আৰু স্বদেশীয় বা তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশীয়েই হওঁক, তোমালোকে সেই সকলো ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য নকৰিবা।
27
কিয়নো তোমালোকৰ পূৰ্বে থকা লোকসকলে এই সকলো ঘিণলগীয়া কৰ্ম কৰাত সেই দেশ অশুচি হ’ল।
28
কিয়নো সাৱধান, তোমালোকে সেই দেশ অশুচি কৰিলে, তোমালোকৰ পূৰ্বে থকা সেই জাতিক বতিয়াই পেলোৱাৰ নিচিনাকৈ, সেই দেশে তোমালোককো বতিয়াই পেলাব।
29
কিয়নো যি যি লোকে এইবোৰ ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য কৰিব, ঘিণলগীয়া কাৰ্য কৰা সেই সকলোকে নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
30
এই হেতুকে তোমালোকৰ পূৰ্বে প্ৰচলিত হোৱা ঘিণলগীয়া ৰীতি-নীতিবোৰৰ মাজৰ একোকে তোমালোকে যেন নকৰা, আৰু তাৰ দ্বাৰাই নিজকে যেন অশুচি নকৰা, এই কাৰণে মোৰ আজ্ঞা পালন কৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
← Chapter 17
Chapter 19 →