bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Leviticus 10
Leviticus 10
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
পাছত হাৰোণৰ পুত্ৰ নাদব আৰু অবীহূৱে নিজ নিজ আঙঠা ধৰা লৈ, তাত জুই ৰাখি তাৰ ওপৰত ধূঁপ দি, যিহোৱাই আজ্ঞা নিদিয়া সাধাৰণ জুই যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিলে।
2
তেতিয়া যিহোৱাৰ সন্মুখৰ পৰা অগ্নি ওলাই তেওঁলোকক গ্ৰাস কৰিলে; তেওঁলোকে যিহোৱাৰ সন্মূখত প্ৰাণত্যাগ কৰিলে।
3
তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে, ‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম। আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম।” হাৰোণ হতভম্ব হৈ নিজমে থাকিল।
4
মোচিয়ে হাৰোণৰ দদায়েক উজ্জীয়েলৰ পুত্ৰ মিচায়েল আৰু ইলিচাফনক মাতি নি ক’লে, “ইয়ালৈ আহাঁ আৰু ওচৰলৈ গৈ তোমালোকৰ জ্ঞাতি দুজনক তুলি পবিত্ৰ স্থানৰ সন্মূখৰ পৰা ছাউনিৰ বাহিৰলৈ লৈ যোৱা।”
5
আৰু সেয়ে তেওঁলোকে মোচিৰ আজ্ঞা অনুসাৰে, ওচৰলৈ গৈ, অঙ্গৰক্ষক বস্ত্ৰে সৈতে তেওঁলোকক তুলি ছাউনিৰ বাহিৰলৈ লৈ গ’ল।
6
তেতিয়া মোচিয়ে হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰক ক’লে, “তোমালোক যেন নমৰা আৰু গোটেই মণ্ডলীলৈ যেন তেওঁৰ ক্ৰোধ প্ৰজ্বলিত নহয়, এই কাৰণে তোমালোকে নিজ নিজ মূৰৰ চুলি মুকলিকৈ নাৰাখিবা আৰু নিজ নিজ কাপোৰ নাফালিবা; কিন্তু যিহোৱাৰ ক্ৰোধাগ্নি জ্বলাৰ বাবে তোমালোকৰ ভাই গোটেই ইস্ৰায়েল বংশই ক্ৰন্দন কৰক।
7
আৰু এই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা, নহ’লে মৰিবা, কিয়নো তোমালোকৰ গাত যিহোৱাৰ অভিষেকাৰ্থক তেল আছে।” তেতিয়া তেওঁলোকে মোচিৰ বাক্য অনুসাৰে সেই দৰে কৰিলে।
8
তেতিয়া যিহোৱাই হাৰোণক ক’লে,
9
“তোমালোক যেন নমৰা, সেই কাৰণে তুমি বা তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষাৎ কৰা তম্বুত সোমোৱা কালত, দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা। এয়ে তোমালোকে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি,
10
আৰু তোমালোকে যেন পবিত্ৰ আৰু সামান্য বিষয়ৰ আৰু শুচি আৰু অশুচিৰ প্ৰভেদ কৰিব পাৰিবা,
11
আৰু মোচিৰ দ্বাৰাই যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া সকলো বিধিৰ শিক্ষা তোমালোকে যেন তেওঁলোকক দিব পাৰিবা, সেই বাবে এই বিধি তোমোলোকক দিয়া হ’ল।”
12
মোচিয়ে হাৰোণক আৰু তেওঁৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনক ক’লে, “যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ অৱশিষ্ট ভক্ষ্য নৈবেদ্য লৈ গৈ, বেদীৰ কাষত খমীৰ নোহোৱাকৈ ভোজন কৰিবা। কিয়নো সেয়ে অতি পবিত্ৰ।
13
কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিবা; কিয়নো যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে তুমি আৰু তোমাৰ পুত্ৰসকলে পাবলগীয়া ভাগ, কাৰণ মই এই আজ্ঞা পালোঁ।
14
আৰু দোলনীয় উপহাৰ যি সোঁ ফালৰ কৰঙনটো, তাক তুমি তোমাৰ পো-জীসকলেৰে সৈতে কোনো শুচি ঠাইত ভোজন কৰিবা। কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ মঙ্গলাৰ্থক বলিৰ পৰা তাক তোমাৰ আৰু তোমাৰ সন্তান সকলক পাবলগীয়া ভাগ বুলি দিয়া হ’ল।
15
অগ্নিকৃত উপহাৰৰ অৰ্থে দিয়া তেলখিনিয়ে সৈতে উত্তোলনীয় উপহাৰ যি সোঁ কৰঙন আৰু যিহোৱাৰ সন্মূখত দোলনীয় উপহাৰৰ অৰ্থে দোলাবলৈ দোলনীয় উপহাৰৰ যি আমঠু, এইবোৰ যিহোৱাৰ আজ্ঞাৰ দৰে আনিব লাগিব; সেয়ে তোমাৰ আৰু তোমাৰ সন্তান সকলৰ চিৰস্থায়ী অধিকাৰ হ’ব।”
16
তেতিয়া মোচিয়ে পুৰুষাৰ্থ কৰি, পাপাৰ্থক বলিদানৰ অৰ্থে দিয়া ছাগলীটো বিচাৰোতে দেখিলে যে, তাক পুৰি ভস্ম কৰা হ’ল। গতিকে তেওঁ হাৰোণৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক ক’লে,
17
“তোমালোকে সেই পাপাৰ্থক বলি কোনো পবিত্ৰ স্থানত কিয় ভোজন নকৰিলা? কাৰণ সেয়ে অতি পবিত্ৰ আৰু মণ্ডলীৰ অপৰাধ বৈ যিহোৱাৰ সন্মূখত তেওঁলোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তাক তোমালোকক দিয়া হ’ল।
18
চোৱা, পবিত্ৰ স্থানৰ ভিতৰলৈ তাৰ তেজ নিয়া নহ’ল; মোৰ আজ্ঞা অনুসাৰে তোমালোকে অৱশ্যে তাক পবিত্ৰ স্থানত ভোজন কৰিব লাগিছিল।”
19
তেতিয়া হাৰোণে মোচিক ক’লে, “চোৱা, এওঁলোক দুজনেই আজি যিহোৱাৰ উদ্দেশ্যে নিজ পাপাৰ্থক বলি আৰু নিজ হোমবলি উৎসৰ্গ কৰিলে, তথাপি মোলৈ এনে ঘটিল; যদি মই আজি পাপাৰ্থক বলি ভোজন কৰিলোঁহেতেন, তেন্তে যিহোৱাই তাত সন্তোষ পালেহেঁতেন নে?”
20
মোচিয়ে ইয়াকে শুনি সন্তুষ্ট হ’ল।
← Chapter 9
Chapter 11 →