bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Joshua 6
Joshua 6
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলৰ ভয়ত যিৰীহো নগৰৰ প্ৰৱেশ পথবোৰ বন্ধ আছিল; ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা-সোমোৱা কৰা নাছিল।
2
পাছত যিহোৱাই যিহোচূৱাক ক’লে, “চোৱা, মই যিৰীহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰপুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ।
3
তোমালোকৰ আটাই যুদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচকাৱাজ কৰি প্ৰদক্ষিণ কৰিবা৷ এইদৰে তুমি ছদিন কৰিবা।
4
আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা৷ পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা।
5
আৰু যেতিয়া তেওঁলোকে মহাশব্দকাৰী শিঙা দীঘলীয়াকৈ উচ্চ শব্দেৰে বজাব আৰু তোমালোকে যেতিয়া শিঙাৰ শব্দ শুনিবা, তেতিয়া সকলো লোকে মহাধ্বনি কৰিবা; তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব আৰু প্ৰতিজন লোকে নিজৰ সন্মুখেদি পোনে পোনে উঠি যাবা।”
6
তেতিয়া নুনৰ পুত্ৰ যিহোচূৱাই পুৰোহিতসকলক মাতি আনি ক’লে, “তোমালোকে নিয়ম-চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যোৱা।”
7
পাছত তেওঁ লোকসকলক ক’লে, “তোমালোকে গৈ নগৰ প্ৰদক্ষিণ কৰা আৰু যুদ্ধলৈ সাজু হৈ থকা সৈন্যসকল যিহোৱাৰ চন্দুকৰ আগে আগে যোৱা।”
8
এইদৰে যিহোচূৱাই লোকসকলক কোৱাৰ দৰে, মহাশব্দকাৰী শিঙা লৈ যোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে উচ্চ শব্দেৰে শিঙা বজাই বজাই যাবলৈ ধৰিলে আৰু যিহোৱাৰ নিয়ম-চন্দুক তেওঁলোকৰ পাছে পাছে লৈ গৈ থাকিল।
9
ৰণলৈ সাজু হোৱা সৈন্যসকল শিঙা বজোৱা পুৰোহিতসকলৰ আগে আগে গ’ল আৰু তেওঁলোকৰ পাছত যোৱা লোকৰ দলটো নিয়ম-চন্দুকৰ পাছে পাছে গ’ল; যাওঁতে পুৰোহিতসকলে শিঙা বজাই বজাই গ’ল।
10
তাৰ পাছত যিহোচূৱাই লোকসকলক আজ্ঞা দি ক’লে, “মই তোমালোকক মহাধ্বনি কৰিবলৈ আজ্ঞা দিয়া দিনটো নহালৈকে, তোমালোকে ধ্বনি নকৰিবা আৰু নিজ নিজ মাত নুশুনাবা, তোমালোকৰ মুখৰ পৰা কোনো কথা নোলাওক; মই যিদিনা আজ্ঞা দিম, সেই দিনাহে তোমালোকে মহাধ্বনি কৰিবা।”
11
এইদৰে তেওঁ নগৰৰ চাৰিওফালে যিহোৱাৰ নিয়ম-চন্দুক এবাৰ প্ৰদক্ষিণ কৰোৱালে আৰু তেওঁলোকে ছাউনিলৈ আহি ৰাতি ছাউনিতে থাকিল।
12
তাৰ পাছদিনা যিহোচূৱা ৰাতিপুৱাতে উঠিল আৰু পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক দাঙি ল’লে৷
13
মহাশব্দকাৰী সাতোটা শিঙা লোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে শিঙা বজাই বজাই গ’ল আৰু পাছত যাবলগীয়াসকলে পাছে পাছে গমন কৰিলে; পুৰোহিতসকলে যাওঁতে উচ্চ শব্দেৰে শিঙা বজাই বজাই গ’ল।
14
তেওঁলোকে দ্বিতীয় দিনাও নগৰখন এবাৰ প্ৰদক্ষিণ কৰি ছাউনিলৈ উলটি আহিল৷ এইদৰে তেওঁলোকে ছয় দিন কৰিলে। কৰিলে।
15
পাছত সপ্তম দিনা সূৰ্য উদয় হোৱা সময়ত তেওঁলোকে সোনকালে উঠিল, আৰু আগেয়ে কৰি অহাৰ দৰে নগৰ খন সাত বাৰ প্ৰদক্ষিণ কৰিলে; কেৱল সেই দিনাহে নগৰখন সাতবাৰ প্ৰদক্ষিণ কৰিলে।
16
সপ্তম-বাৰত পুৰোহিতসকলে শিঙা বজোৱাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে মহাধ্বনি কৰা; কিয়নো যিহোৱাই তোমালোকক নগৰখন দিলে।
17
কিন্তু নগৰ আৰু তাৰ ভিতৰত থকা সকলোৱেই যিহোৱাৰ উদ্দেশে বৰ্জিত হ’ব৷ কেৱল ৰাহাব বেশ্যা আৰু তাইৰ ঘৰত তাইৰ লগত থকা আটাইবোৰ লোক জীয়াই থাকিব; কিয়নো আমি পঠোৱা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল।
18
তোমালোকে সেই ব্যৱহাৰৰ বাবে যিহোৱাই বৰ্জন কৰা সেই বৰ্জিত বস্তুৰ পৰা সাৱধানে থাকিবা; নহলে তাক বৰ্জিত কৰাৰ পাছত বৰ্জিত বস্তুৰ কিছু ল’লে, তোমালোকে ইস্ৰায়েলৰ ছাউনিকো বৰ্জিত কৰি দুখত পেলাবা।
19
সমুদায় ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ উদ্দেশে পবিত্ৰ হ’ব; সেইবোৰক যিহোৱাৰ ভঁৰাললৈ অনা হ’ব।”
20
তেতিয়া লোকসকলে ধ্বনি কৰিলে আৰু পুৰোহিতসকলে উচ্চ শব্দেৰে শিঙা বজালে৷ শিঙাৰ শব্দ শুনি লোকসকলে মহাধ্বনি কৰিলে৷ তাতে নগৰৰ গড় পৰি মাটিৰ সমান হোৱাৰ পাছত, প্ৰতিজন লোকে নিজৰ সন্মুখেৰে পোনে পোনে উঠি গৈ নগৰত সোমাল আৰু তেওঁলোকে নগৰ খন দখল কৰি ল’লে।
21
তাতে তেওঁলোকে নগৰৰ পুৰুষ, মহিলা, ডেকা, বুঢ়া আৰু গৰু, মেৰ, গাধ আদি সকলোকে তৰোৱালৰ ধাৰেৰে নিঃশেষে বিনষ্ট কৰিলে।
22
তেতিয়া গুপুতে দেশৰ বুজ-বিচাৰ লোৱা মানুহ দুজনক যিহোচূৱাই ক’লে, “তোমালোকে সেই বেশ্যাৰ ঘৰত সোমাই তিৰোতা জনীৰ আগত তোমালোকে শপত খোৱাৰ দৰে তাইক আৰু তাইৰ সকলোকে উলিয়াই আনাগৈ।”
23
তেতিয়া সেই ডেকা চোৰাংচোৱা দুজনে সোমাই গৈ ৰাহাব আৰু তাইৰ বাপেক, মাক আৰু ভাই ককাই আদি কৰি তাইৰ সম্পৰ্কীয় সকলোকে আৰু আটাইবোৰ জ্ঞাতি-কুটুম্বক উলিয়াই আনি, ইস্ৰায়েলৰ ছাউনিৰ বাহিৰত হ’ল।
24
আৰু লোকসকলে নগৰ আৰু তাৰ ভিতৰত থকা সকলোকে জুইৰে পুৰি ভস্ম কৰিলে; কেৱল ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ গৃহৰ ভঁৰালত হ’ল।
25
কিন্তু যিহোচূৱাই ৰাহাব বেশ্যাক আৰু তাইৰ বাপেকৰ বংশৰ লগতে তাইৰ সকলোকে জীয়াই ৰাখিলে৷ তাই আজিলৈকে ইস্ৰায়েলৰ মাজত বাস কৰি আছে; কিয়নো যিহোচূৱাই গোপনে যিৰীহোৰ বুজ-বিচাৰ ল’বলৈ পঠোৱা চোৰাংচোৱা দূত কেইজনক তাই লুকুৱাই ৰাখিছিল।
26
সেই সময়ত যিহোচূৱাই শপত খাই লোকসকলক ক’লে, “যি কোনোৱে উঠি পুনৰায় যিৰীহো নগৰ নিৰ্ম্মাণ কৰিব, সি যিহোৱাৰ সাক্ষাতে অভিশপ্ত হওঁক; সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰ পুতেকক আৰু তাৰ দুৱৰি লগাই দণ্ডস্বৰূপে সৰু পুতেকক দিব।”
27
এইদৰে যিহোৱা যিহোচূৱাৰ লগত আছিল আৰু তেওঁৰ যশস্যা গোটেই কনান দেশত বিয়পি গ’ল।
← Chapter 5
Chapter 7 →