bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Joel 3
Joel 3
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
চোৱা, সেইবোৰ দিনত আৰু সময়ত, মই যিহূদাৰ আৰু যিৰূচালেমৰ বন্দী-অৱস্থাত থকা লোকসকলক ঘূৰাই আনিম,
2
মই সকলো জাতিক গোটাই যিহোচাফটৰ উপত্যকালৈ নমাই আনিম। সেই ঠাইত মই তেওঁলোকৰ বিচাৰ কৰিম, কিয়নো মোৰ প্ৰজাবোৰক আৰু মোৰ যি উত্তৰাধিকাৰ স্বৰূপ ইস্ৰায়েলক তেওঁলোকে জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিলে, আৰু তেওঁলোকে মোৰ দেশ ভাগ বাঁটি ল’লে।
3
তেওঁলোকে মোৰ প্ৰজাসকলৰ কাৰণে চিঠি খেলালে, ল’ৰাক বিক্রী কৰি তাৰ সলনি বেশ্যা ল’লে, আৰু ছোৱালীক বিক্রী কৰি পান কৰিবৰ অভিপ্ৰায়েৰে দ্ৰাক্ষাৰস কিনিলে।
4
এতিয়া তোমালোকে মোৰ প্রতি কিয় খং কৰিছা, হে তূৰ, চীদোন আৰু পলেষ্টিয়াসকলৰ আটাই অঞ্চল? তোমালোকে মোক ক্ষতিপূৰণ দিয়া নে? যদি তোমালোকে মোক ক্ষতিপূৰণ দিয়া, তেতিয়া হ’লে মই অতি শীঘ্ৰে বেগেৰে গৈ তোমালোকে দিয়া ক্ষতিপূৰণৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম।
5
কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা, আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মনোহৰ বস্তুবোৰ লৈ গলা।
6
তোমালোকে যিহূদা আৰু যিৰূচালেমৰ সন্তান সকলক গ্ৰীকসকলৰ ওচৰত বিক্ৰী কৰিলা যাতে তেওঁলোকে তেওঁলোকক দেশৰ পৰা অপসাৰণ কৰি দূৰলৈ নিয়াৰ নিৰ্দেশ দিব পাৰে।
7
কিন্তু চোৱা, যি ঠাইত তোমালোকে তেওঁলোকক বিক্ৰী কৰিলা, সেই ঠাইৰ পৰা নিজ ঠাইলৈ ঘূৰিবলৈ মই তেওঁলোকক উদ্ধাৰ কৰিম, আৰু তোমালোকৰ প্ৰতিকাৰৰ প্ৰতিফল মই তোমালোকৰ মূৰৰ ওপৰত দিম।
8
আৰু তোমালোকৰ পো-জীবোৰক যিহূদাৰ সন্তান সকলৰ হাতত বিক্ৰী কৰিম। তেওঁলোকে দূৰত থকা জাতি চিবায়ীয়া লোকসকলৰ ওচৰত তেওঁলোকক বিক্ৰী কৰিব। কিয়নো যিহোৱাই এই কথা ক’লে।
9
তোমালোকে জাতি সমূহৰ মাজত এই কথা ঘোষণা কৰা: ‘যুদ্ধ কৰিবলৈ সাজু হোৱা, বীৰ লোকসকলক জাগ্ৰত কৰা, তেওঁলোকক ওচৰলৈ আনা, আৰু আটাই ৰণুৱা উপস্থিত হওঁক।
10
তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল, আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি যাঠী গঢ়োৱা। “মই শক্তিশালী”, এই বুলি দুৰ্ব্বল সকলে কওঁক।
11
হে চাৰিওফালে থকা জাতি সমূহ, অগ্ৰসৰ হোৱা আৰু আহা, হে যিহোৱা, তোমাৰ বীৰসকলক সেই ঠাইলৈ নমাই আনা।
12
জাতি সমূহ নিজে জাগি উঠক, আৰু যিহোচাফটৰ উপত্যকালৈ আহক; কিয়নো মই সেই ঠাইত চাৰিওফালে থকা জাতি সমূহৰ বিচাৰ কৰিবলৈ বহিম।
13
তোমালোকে কাঁচি লগোৱা, কিয়নো শস্য পকিল। আহাঁ দ্ৰাক্ষাকুণ্ড গচকা, কিয়নো দ্ৰাক্ষাকুণ্ড পৰিপূৰ্ণ হৈছে, আৰু ৰসৰ আধাৰবোৰ উপচি পৰিছে, কিয়নো তেওঁলোকৰ দুষ্টতা অধিক।”
14
তাত আলোড়ন হৈছে। সোধ-বিচাৰ কৰা উপত্যকাত আলোড়ন হৈছে।। কিয়নো সোধ-বিচাৰৰ উপত্যকাত দণ্ড দিব লগা যিহোৱাৰ দিন ওচৰ হৈছে।
15
সূৰ্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়া হৈছে।
16
যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব, আৰু যিৰূচালেমৰ পৰা নিজৰ মাত শুনাব। আকাশ-মণ্ডল আৰু পৃথিৱী কঁপিব, কিন্তু যিহোৱা নিজ প্ৰজাসকলৰ আশ্ৰয় আৰু ইস্ৰায়েলৰ সন্তান সকলৰ কোঁঠস্বৰূপ হ’ব।
17
“তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা। তেতিয়া যিৰূচালেম পবিত্ৰ হ’ব, আৰু কোনো বিদেশী সৈন্য দলে তাৰ মাজেদি পুনৰ অহা-যোৱা কৰিব নোৱাৰিব।
18
সেই দিনা পৰ্ব্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপা-টোপে পৰিব, ওখ পৰ্ব্বতবোৰৰ পৰা গাখীৰৰ সূঁতী বৈ যাব, যিহূদাৰ আটাই জুৰিবোৰৰ পানী বৈ যাব, আৰু যিহোৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিটীমৰ উপত্যকাত পানী দিব।
19
যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব, আৰু ইদোম ধ্বংস-অৰণ্য হ’ব, কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
20
কিন্তু যিহূদী চিৰকাললৈকে, আৰু যিৰূচালেম পুৰুষানুক্ৰমে থাকিব।
21
মই তেওঁলোকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সধা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম,” কিয়নো যিহোৱাই চিয়োনত বাস কৰিছে।
← Chapter 2