bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Job 16
Job 16
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
2
মই এইৰূপ অনেক কথা শুনিলো; তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী।
3
বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়? বা উত্তৰ দিবলৈ তোমাক জানো উদগাইছে?
4
ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ; মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, তেনেহলে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন।
5
অস্ মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন, আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশমহে হলহেঁতেন।
6
মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়, আৰু নিমাতে থাকিলে কি মোৰ দুখ গুচিব?
7
কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে; তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা।
8
তুমি মোৰ শৰীৰ শীৰ্ণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে; মোৰ শৰীৰৰ দীনতাই মোৰ বিৰুদ্ধে উঠিছে, আৰু এয়ে মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে।
9
তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে; তেওঁ মোলৈ দাঁত কৰচিলে; মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে;
10
লোকে মোৰ বিৰুদ্ধে মুখ মেলে; সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; সিহঁতে মোৰ অহিতে গোট খায়।
11
ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে, আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে।
12
মই শান্তিৰে আছিলোঁ আৰু তেওঁ মোক ভাঙি পৃথক কৰিলে, এনে কি, মোৰ ডিঙিত ধৰি মোক থেকেচিলে; আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে।
13
তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে; ঈশ্বৰে মোৰ বৃক্ক বিদাৰিলে আৰু মোক অতিৰিক্ত নকৰিলে, তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে।
14
তেওঁ মোৰ প্ৰাচীৰৰ যোগেদি বাৰে বাৰে ভাঙে; তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে।
15
মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ।
16
যদিও মোৰ হাতত অত্যাচাৰ নাই, আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ,
17
তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ’ল, আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে।
18
হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা, আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক।
19
চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে, আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চস্থানত আছে।
20
মোৰ চকুৱে যেতিয়া ঈশ্বৰৰ কাৰণে অশ্রু বিসৰ্জন কৰে, তেতিয়া মোৰ বন্ধুবোৰেই মোক নিন্দা কৰে;
21
যেনেদৰে এজন মানুহে নিজ চুবুৰীয়াৰ সৈতে কৰে, তেনেদৰে মই কওঁ সাক্ষ্যৰ বাবে এই মানুহে ঈশ্বৰৰ সৈতে তৰ্ক কৰে!
22
কিয়নো মাত্র কেইবছৰৰ ভিতৰতে মই সেই ঠাইলৈ যাম, যি ঠাইৰ পৰা মই পুনৰ উভতি আহিব নোৱাৰিম।
← Chapter 15
Chapter 17 →