bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Jeremiah 29
Jeremiah 29
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
যিৰূচালেমৰ পৰা যিৰিমিয়া ভাববাদীয়ে পঠোৱা পত্ৰখনৰ কথা এইবোৰ - যিবোৰ দেশান্তৰলৈ নিয়া বৃদ্ধসকলৰ অৱশিষ্ট বাগলৈ, আৰু যিৰূচালেমৰ পৰা বাবিললৈ নবূখদনেচৰে বন্দী কৰি নিয়া পুৰোহিত, ভাববাদী, আৰু সকলো প্ৰজালৈ পঠিয়াইছিল।
2
আৰু এইয়া হৈছিল যেতিয়া যকনিয়া ৰজা, ৰাজমাও, নপুংসকসকল, যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোকসকল, আৰু ৰাজমিস্ত্ৰি বাঢ়ৈ আদি শিল্পকাৰীসকলে যিৰূচালেমৰ পৰা প্ৰস্থান কৰিছিল।
3
এই পত্র যিহূদাৰ চিদিকিয়া ৰজাই বাবিললৈ, বাবিলৰ ৰজা নবূখদনেচৰৰ গুৰিলৈ পঠোৱা চাফনৰ পুত্ৰ ইলিয়াচাৰ, আৰু হিল্কিয়াৰ পুত্ৰ গমৰিয়াৰ হাতত পঠিয়াইছিল।
4
পত্রখনত এইদৰে কৈছিল, যে, “মই যিৰূচালেমৰ পৰা বাবিললৈ বন্দী কৰি নিয়া সকলো দেশান্তৰিত লোকক ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে:
5
তোমালোকে ঘৰ সাজি তাত বাস কৰা, আৰু বাৰী পাতি তাৰ ফল ভোগ কৰা।
6
বিবাহ কৰি লৰা-ছোৱালী জন্ম দিয়া, আৰু লৰা-ছোৱালী জন্মিবৰ কাৰণে তোমালোকৰ পুত্রসকললৈ ছোৱালী আনা, আৰু জীয়েৰাসকলক বিয়া দিয়া। এইদৰে যেন তোমালোক সংখ্যাত কম নহৈ বাঢ়ি যোৱা।
7
আৰু মই তোমালোকক বন্দী কৰি নিয়া নগৰৰ শান্তিলৈ চেষ্টা কৰা আৰু তাৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; কিয়নো তাৰ শান্তিতে তোমালোকৰো শান্তি হ’ব।
8
কাৰণ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মঙ্গলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুউৱা কথালৈ কাণ নিদিবা।
9
কিয়নো তেওঁলোকে মিছাকৈ মোৰ নামেৰে তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰে; যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই।
10
কিয়নো যিহোৱাই এইদৰে কৈছে: ‘বাবিলত থকা সত্তৰ বছৰ পূৰ হ’ল, মই তোমালোকৰ বিচাৰ ল’ম আৰু এই ঠাইলৈ তোমালোকক ওলোটাই আনি তোমালোকলৈ মোৰ মঙ্গল বাক্য সিদ্ধ কৰিম।
11
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
12
আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম।
13
আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা।
14
আৰু যিহোৱাই কৈছে: ‘মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু মই তোমালোকক দেশান্তৰিত কৰা সকলো জাতিৰ পৰা আৰু সকলে ঠাইৰ পৰা তোমালোকক গোটাই আনিম,’ ইয়াক যিহোৱাই কৈছে: ‘আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ, সেই ঠাইলৈ পুনৰায় আনিম।
15
যিহেতু তোমালোকে কৈছা, যিহোৱাই বাবিলত আমাৰ কাৰণে ভাববাদীসকলক উৎপন্ন কৰিলে,
16
এই হেতুকে তোমালোকে জানিবা, যে, দায়ুদৰ সিংহাসনৰ ওপৰত বহোঁতা ৰজাৰ, আৰু তোমালোকৰ সৈতে দেশান্তৰলৈ নোযোৱা তোমালোকৰ ভাই এই নগৰ-নিবাসী সকলো প্ৰজাৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
17
বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠিয়াম; আৰু তোমালোক অতি বেয়া হোৱাৰ কাৰণে মই তোমালোকক খাব নোৱাৰা ঘিণলগীয়া ডিমৰু গুটিৰ দৰে কৰিম।
18
মই তৰোৱাল, আকাল, আৰু মহামাৰী লৈ তেওঁলোকৰ পাছে পাছে খেদিম, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম; আৰু মই তেওঁলোকক খেদাই দিয়া সকলো জাতিৰ মাজত তেওঁলোকক শাও, আচৰিত, ইচ্ ইচ্ আৰু ধিক্কাৰৰ বিষয় কৰিম।
19
কাৰণ যিহোৱাই কৈছে: ‘মই অতি প্ৰভাতে উঠি তেওঁলোকৰ ওচৰলৈ মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই পঠোৱা মোৰ বাক্যলৈ তোমালোকে কাণ নিদিলা;’ যিহোৱাই কৈছে: ‘তোমালোকে মোৰ বাক্য শুনিবলৈ ইচ্ছা নকৰিলা।’
20
এই হেতুকে যিৰূচালেমৰ পৰা বাবিললৈ মই পঠোৱা দেশান্তৰিত হোৱা যি তোমালোক, সকলোৱে যিহোৱাৰ বাক্য শুনা:
21
‘কোলায়াৰ পুত্ৰ যি আহাবে, আৰু মাচেয়াৰ পুত্ৰ যি চিদিকিয়াই মোৰ নামেৰে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰিলে, তেওঁলোকৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘চোৱা, মই তেওঁলোকক তোমালোকৰ চকুৰ আগতেই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত শোধাই দিম।
22
আৰু বাবিলৰ ৰজাই জুইত পোৰা চিদিকিয়া আৰু আহাবৰ দৰে যিহোৱাই তোমাক কৰক বুলি কৈ, বাবিলত থকা যিহূদাৰ সকলো দেশান্তৰিত লোকে তেওঁলোকক দৃষ্টান্তৰ স্থল কৰি শাও দিব।’
23
কিয়নো তেওঁলোকে ইস্ৰায়েলৰ মাজত অজ্ঞানতাৰ কাৰ্য কৰিলে, আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীলৈ গমন কৰিলে, আৰু মই তেওঁলোকক আজ্ঞা নিদিয়া বাক্য মিছাকৈয়ে মোৰ নামেৰে প্ৰচাৰ কৰিলে।’ যিহোৱাই কৈছে: ‘ময়েই জানো, আৰু ময়েই সাক্ষী আছোঁ।’
24
তুমি নিহিলামীয়া চময়িয়াৰ বিষয়ে এই কথা কোৱা:
25
‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: যিৰূচালেমত থকা সকলো লোকলৈ, আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিত আদি সকলো পুৰোহিতলৈ তুমি নিজৰ নামেৰে পত্ৰ পঠিয়াই কৈছা,
26
“যি কোনো মানুহে বলীয়া হৈ নিজকে ভাববাদী পাতে, সেই মানুহক কুন্দাত আৰু শিকলিত বন্ধ কৰিবলৈ, যিহোৱাৰ গৃহত অধ্যক্ষ হবৰ কাৰণে যিহোয়াদা পুৰোহিতৰ সলনি যিহোৱাই তোমাক পুৰোহিত নিযুক্ত কৰিলে।
27
এই হেতুকে অনাথোতীয়া যি যিৰিমিয়াই তোমালোকৰ আগত নিজকে নিজে ভাববাদী পাতে, সেই যিৰিমিয়াক তুমি কিয় ধমকি দিয়া নাই?
28
কিয়নো বাবিলত থকা আমালৈ তেওঁ কৈ পঠিয়াইছে, যে, বহুদিন হ’ব, তোমালোকে ঘৰ সাজি তাত বাস কৰা, বাৰী পাতি তাৰ ফল ভোগ কৰা’।”
29
চফনিয়া পুৰোহিতে সেই পত্ৰখন যিৰিমিয়া ভাববাদীয়ে শুনাকৈ পাঠ কৰিলে।
30
তাতে যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
31
তুমি দেশান্তৰিত হোৱা লোকসকলৰ আগলৈ এই কথা কৈ পঠিওৱা, যিহোৱাই নিহিলামীয়া বিষয়ে এই কথা কৈছে, মই চময়িয়াক নপঠোৱাকৈয়ে তেওঁ তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, আৰু মিছা কথাত তোমালোকৰ বিশ্বাস জন্মালে।
32
এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই নিহিলামীয়া চময়িয়াক আৰু তাৰ বংশক দণ্ড দিম; এই জাতি সমূহৰ মাজত বসতি কৰিবলৈ তাৰ এটি সন্তানো নাথাকিব, আৰু যিহোৱাই কৈছে, মই মোৰ প্ৰজাসকলৰ যি মঙ্গল কৰিম, তাক তেওঁ ভোগ কৰিবলৈ নাপাব; কাৰণ তেওঁ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লে’।”
← Chapter 28
Chapter 30 →