bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Isaiah 14
Isaiah 14
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
2
আৰু দেশবাসীয়ে তেওঁলোকক লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত থ’ব। তাৰ পাছত ইস্ৰায়েল বংশৰ লোকসকলে তেওঁলোকক যিহোৱাৰ দেশলৈ দাস দাসীৰ দৰে লৈ যাব। তেওঁলোকক বন্দী কৰা লোকসকলক তেওঁলোকে বন্দী কৰিব, আৰু তেওঁলোকক উপদ্ৰৱ কৰা লোকসকলৰ ওপৰত তেওঁলোকে শাসন কৰিব।
3
সেই দিনা দুখ, কষ্ট, আৰু কঠিন বন্দীত্বত থাকি কাম কৰিবলৈ বাধ্য হোৱাৰ পৰা যিহোৱাই তোমালোকক জিৰণী দিব।
4
তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্রূপৰ গীত গাবা, উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ’ল, গর্ব্বেৰে কৰা উত্তেজনাৰ অন্ত হ’ল!
5
যিহোৱাই দুষ্টবোৰৰ লাঠি, আৰু সেই শাসনকর্তা সকলৰ ৰাজদণ্ড ভাঙিব,
6
যাৰ দ্বাৰাই অবিৰাম ভাৱে ভুকুৱাত ক্রোধেৰে লোকসকল প্রভাৱিত হৈছিল, দেশবাসীসকলক খঙেৰে আক্রমন কৰি শাসন কৰাত অনিয়ন্ত্রিত হৈছিল।
7
সমস্ত পৃথিৱী শান্ত আৰু সুস্থিৰ হৈ আছে; তেওঁলোকে গীতেৰে সৈতে উৎসৱ পালন কৰিছে;
8
এনে কি, দেবদাৰু আৰু লিবানোনৰ এৰচ গছবোৰেও আনন্দ কৰিছে, সিহঁতে কৈছে, ‘তুমি পতিত হোৱাৰ পৰা আমাক কাটিবলৈ কোনো খৰিকটীয়া আহা নাই।’
9
তুমি যেতিয়া সেই ঠাইলৈ গৈছিলা, তেতিয়া তোমাক সাক্ষাৎ কৰিবলৈ চিয়োল অধঃস্থানৰ পৰা উৎসুক হৈছে; পৃথিৱীৰ সকলো ৰজাসকল আৰু মৃতবোৰ তোমাৰ বাবে উঠিছে, দেশবোৰৰ সকলো ৰজাক নিজৰ সিংহাসনৰ পৰা উঠাইছে।
10
তেওঁলোক সকলোৱে তোমাৰ সৈতে কথা পাতি ক’ব, ‘তুমিও আমাৰ দৰে দুৰ্ব্বল হৈছা,তুমি আমাৰ দৰেই হৈছা।
11
তোমাৰ আড়ম্বৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিয়োললৈ নমোৱা হ’ল, তোমাৰ চাৰিওফালে পোকবোৰ সিঁচৰিত হ’ল, আৰু কেঁচুবোৰে তোমাক ঢাকিলে।’
12
তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা!
13
তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।
14
মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’
15
তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ’ল।
16
তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব, তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’
17
পৃথিৱীখনক মৰুপ্রান্ত স্বৰূপ কৰা, নগৰবোৰ উচ্ছন্ন কৰা, আৰু বন্দীসকলক ঘৰলৈ যাবলৈ নিদিয়া জন সেই জনেই নে?
18
দেশবোৰৰ সকলো ৰজা, তেওঁলোকৰ সকলোৱে নিজৰ মৈদামত সন্মানেৰে শুইছে।
19
কিন্তু ডালবোৰ কাটি পেলোৱাৰ দৰে তোমাক মৈদামৰ পৰা নিক্ষেপ কৰা হৈছে, শিলৰ গাতলৈ নিয়া আৰু তৰোৱালেৰে খোচা মৃতলোকে বস্ত্রৰ দৰে তোমাক ঢাকি ধৰিছে।
20
মৃত দেহ গচকাৰ দৰে, তুমি তেওঁলোকৰ সৈতে কেতিয়াও মৈদামত যোগ দিয়া নহ’বা; কাৰণ তুমি তোমাৰ দেশ ধ্বংস কৰিলা, নিজৰ লোকসকলক বধ কৰা জন তুমিয়ে; অন্যায়কাৰী সকলৰ পুত্রৰ নাম পুনৰ উল্লেখ কৰা নহ’ব।
21
তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ বাবে, তেওঁলোকৰ সন্তান সকলক বধ কৰিবলৈ প্রস্তুত হোৱা, সেয়ে তেওঁলোকে উঠি নাহিব, আৰু পৃথিৱীখন অধিকাৰ কৰিছে, আৰু সমগ্র পৃথিৱীত নগৰেৰে পৰিপূৰ্ণ হৈছে।
22
বাহিনীসকলৰ যিহোৱাই কৈছে, “মই তেওঁলোকৰ বিৰুদ্ধে উঠিম” বাবিলৰ নাম, বংশধৰ, আৰু ভাবী বংশ উছন্ন কৰিম” এইয়ে যিহোৱাৰ ঘোষণা।
23
মই তেওঁক ফেঁচাৰ বাসস্থানলৈ, আৰু পুখুৰীৰ পানীলৈ লৈ যাম, আৰু মই তেওঁক সৰ্বনাশৰ বাঢ়নিৰে সাৰি পেলাম” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,
24
বাহিনীসকলৰ যিহোৱাই শপত কৰি কৈছে, “নিশ্চয়ে, মই সঙ্কল্প কৰাৰ দৰে, এইটো মোলৈ ঘটিব; আৰু মই অভিপ্রায় কৰাৰ দৰে সেয়ে হ’ব;
25
মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
26
সমগ্র পৃথিৱী বাবে স্থিৰ কৰা অভিপ্রায় এয়ে, আৰু সকলো দেশৰ ওপৰত উঠা হাত এয়ে।
27
কাৰণ বাহিনীসকলৰ যিহোৱাই এয়ে পৰিকল্পনা কৰিলে; তেওঁক কোনে বাধা দিব পাৰে? তেওঁৰ হাত দাঙিব; আৰু কোনে তাক তললৈ কৰিব পাৰিব?
28
ৰজা আহজৰ মৃত্যু হোৱাৰ বছৰত এই ঘোষণা হৈছিল।
29
হে পলেষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা। কাৰণ সাপৰ গাতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব, আৰু তাৰ পোৱালিবোৰ অগ্নিসদৃশ উৰণীয়া সাপ হ’ব।
30
দৰিদ্ৰ সকলৰ প্রথমে জন্মাই খাব, আৰু অভাবগ্রস্ত সকলে সুৰক্ষাৰ বাবে শুই পৰিব। আকালৰ দ্বাৰাই মই তোমাৰ মূল নষ্ট কৰিম, আৰু তোমাৰ অৱশিষ্ট ভাগক বধ কৰা হ’ব।
31
হে পলেষ্টিয়াৰ দুৱাৰ গৰ্জন কৰা, আৰু হে নগৰ ক্রন্দন কৰা, তুমি দ্রৱ হৈ শেষ হৈ যাবা। কাৰণ উত্তৰ দিশৰ পৰা ধুঁৱাৰ দৰে ডাৱৰ আহিব, আৰু তেওঁৰ শ্রেণীত এজনো পথভ্রষ্ট নাথাকিব।
32
তেনেহলে দেশৰ বাৰ্ত্তাবহক সকলক কেনেকৈ উত্তৰ দিব? সেয়ে যিহোৱাই চিয়োনক সংস্থাপন কৰিলে, আৰু তেওঁৰ লোকসকলৰ নিপীড়িতসকলক আশ্রয়স্থান বিচাৰি দিব।
← Chapter 13
Chapter 15 →