bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Hosea 12
Hosea 12
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।
2
যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ এটা গোচৰ আছে; তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব।
3
গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোহাত ধৰিছিল; বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল ।
4
তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল; তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল; সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল ।
5
তেওঁ যিহোৱা, বাহিনীসকলৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম।
6
এতিয়া হে যাকোবৰ বংশ, তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ। প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।
7
যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী; তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়।
8
ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
9
কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা। মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ। তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।
10
মই ভাববাদীসকলৰ আগত কথা কলোঁ, অনেক দৰ্শন দিলোঁ; তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো।
11
গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ। গিলগলত লোকসকলে বলধ উৎসর্গ কৰে; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব।
12
যাকোব অৰাম দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।
13
যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল; এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।
14
কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে; সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব; তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।
← Chapter 11
Chapter 13 →