bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Genesis 11
Genesis 11
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
সেই সময়ত গোটেই পৃথিৱীৰ মানুহে কেৱল এটা ভাষাতে কথা কৈছিল।
2
পাছত লোকসকলে পূব দিশে ঘূৰি ফুৰি গৈ চিনাৰ দেশত আহি এখন সমতল ভূমি পালে আৰু তাতে বাস কৰিবলৈ ধৰিলে।
3
তেওঁলোকে এজনে আন জনক ক’লে, “ব’লা, আমি ইটা সাজি ভালকৈ জুইত পোৰোঁহঁক।” এইবুলি কৈ তেওঁলোকে শিলৰ সলনি ইটা আৰু গাঁথনিৰ কাৰণে এঠামাটিৰ সলনি আলকতৰাৰ প্ৰলেপ ল’লে।
4
তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।”
5
আদমৰ বংশধৰসকলে যি নগৰ আৰু উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক চাবলৈ যিহোৱা নামি আহিল।
6
যিহোৱাই কৈছিল, “এই লোকসকল এক জাতিৰ লোক আৰু এইসকলৰ ভাষাও এক! এওঁলোকে এনেকুৱাকৈ কাৰ্যও আৰম্ভ কৰিলে! এতিয়া তেওঁলোকে ইচ্ছা কৰা কোনো কাৰ্যই তেওঁলোকৰ বাবে অসাধ্য নহ’ব।
7
গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।”
8
এইদৰে যিহোৱাই তেওঁলোকক সেই ঠাইৰ পৰা গোটেই পৃথিৱীতে সিচঁৰিত কৰিলে; তাতে তেওঁলোকে সেই নগৰ সজাৰ কাম বন্ধ কৰিলে।
9
এইবাবেই সেই ঠাইৰ নাম বাবিল ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।
10
চেমৰ বংশৰ বিৱৰণ এই। জলপ্লাৱনৰ দুবছৰৰ পাছত যেতিয়া চেমৰ বয়স এশ বছৰ তেতিয়া তেওঁৰ পুত্র অৰ্ফকচদ জন্মিল।
11
অৰ্ফকচদৰ জন্মৰ পাছত চেম আৰু পাঁচ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
12
অৰ্ফকচদৰ পঁয়ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র চেলহ জন্মিল;
13
চেলহৰ জন্মৰ পাছত অৰ্ফকচদ আৰু চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
14
চেলহৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র এবৰ জন্মিল;
15
এবৰৰ জন্মৰ পাছত চেলহ পুনৰ চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যা জন্মিল।
16
এবৰৰ চৌত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র পেলগ জন্মিল;
17
পেলগৰ জন্মৰ পাছত এবৰ পুনৰ চাৰি শ ত্ৰিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যাসকল জন্মিল।
18
পেলগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র ৰিয়ু জন্মিল।
19
ৰিয়ুৰ জন্মৰ পাছত পেলগ পুনৰ দুশ ন বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
20
ৰিয়ুৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র চৰূগ জন্মিল।
21
চৰূগৰ জন্মৰ পাছত ৰিয়ু পুনৰ দুশ সাত বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
22
চৰূগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র নাহোৰ জন্মিল;
23
নাহোৰৰ জন্মৰ পাছত চৰূগ আৰু দুশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
24
নাহোৰৰ উনত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র তেৰহ জন্মিল;
25
তেৰহৰ জন্মৰ পাছত নাহোৰ পুনৰ এশ উনৈশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
26
তেৰহৰ সত্তৰ বছৰ বয়সৰ পাছত তেওঁৰ পুত্র অব্ৰাম, নাহোৰ আৰু হাৰণ জন্মিল।
27
তেৰহৰ বংশৰ বিৱৰণ এই। তেৰহৰ সন্তান সকল আছিল অব্ৰাম, নাহোৰ আৰু হাৰণ; হাৰণৰ সন্তানৰ নাম আছিল লোট।
28
পিতৃ তেৰহ জীয়াই থাকোতেই জন্মস্থান কলদীয়াসকলৰ উৰ নগৰত হাৰণৰ মৃত্যু হৈছিল।
29
অব্ৰাম আৰু নাহোৰ এই দুজনেই বিয়া কৰিছিল। অব্ৰামৰ ভার্য্যাৰ নাম আছিল চাৰী আৰু নাহোৰৰ ভার্য্যাৰ নাম আছিল মিল্কা; তেওঁ হাৰণৰ জীয়েক আছিল। সেই হাৰণ মিলকা আৰু যিচকাৰ পিতৃ আছিল।
30
কিন্তু চাৰী বন্ধ্যা আছিল; তেওঁৰ কোনো সন্তান নাছিল।
31
তেৰহে তেওঁৰ পুত্ৰ অব্ৰাম, হাৰণৰ পুত্র তেওঁৰ নাতিয়েক লোট, অব্ৰামৰ ভাৰ্যা তেওঁৰ বোৱাৰীয়েক চাৰীক লগত লৈ কনান দেশলৈ যাবৰ কাৰণে কলদীয়াসকলৰ উৰ নগৰৰ পৰা ওলাই গ’ল; কিন্তু তেওঁলোকে হাৰণ নগৰ পর্যন্ত গৈ তাতে বসবাস কৰিবলৈ ধৰিলে।
32
দুশ পাঁচ বছৰ বয়সত তেৰহৰ হাৰণতে মৃত্যু হ’ল।
← Chapter 10
Chapter 12 →