bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Ezekiel 6
Ezekiel 6
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু তেওঁ ক’লে,
2
“হে মনুষ্য সন্তান, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
3
আৰু কোৱা, ‘হে ইস্ৰায়েলৰ পৰ্বতবোৰ, প্ৰভু যিহোৱাৰ বাক্য শুনা; প্ৰভু যিহোৱাই পৰ্বত, উপপৰ্বত, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম।
4
তাতে তোমালোকৰ যজ্ঞবেদীবোৰ ধ্বংস কৰা হ’ব আৰু তোমালোকৰ সূৰ্যমূর্তিবোৰ ভঙা হ’ব আৰু মই তোমালোকৰ হত লোকসকলক তোমালোকৰ মুৰ্ত্তিবোৰৰ আগত পেলাম।
5
আৰু মই ইস্ৰায়েলৰ সন্তান সকলৰ শৱ তেওঁলোকৰ মুৰ্ত্তিবোৰৰ আগত ৰাখিম আৰু তোমালোকৰ যজ্ঞ-বেদিবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিচঁৰিত কৰিম।
6
তোমালোকৰ যজ্ঞবেদীবোৰ উচ্ছন্ন আৰু ধ্বংস হ’বৰ কাৰণে আৰু তোমালোকৰ হাতৰ কাৰ্যবোৰ লোপ পাবৰ কাৰণে তোমালোকৰ আটাই বাসস্থানত, নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ’ব।
7
আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
8
তথাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ’ব, এই কাৰণে মই এক অৱশিষ্ট ভাগ এৰিম।
9
আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।
10
আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব। মই যে তেওঁলোকলৈ এই অমঙ্গল কৰিম, ইয়াক মই বৃথা কোৱা নাই।
11
প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দি আৰু মাটিত ভৰি মাৰি ইস্ৰায়েলৰ-বংশৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাবে “হায় হায়” কৰা! কিয়নো তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীত পতিত হ’ব।
12
দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ’ব আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম।
13
য’ত তেওঁলোকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁলোকৰ যজ্ঞবেদীৰ চাৰিওফালে থকা নিজ মুৰ্তিৰ মাজত যেতিয়া তেওঁলোকৰ হত লোকসকল পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!
14
আৰু মই তেওঁলোকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁলোকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”
← Chapter 5
Chapter 7 →