bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Ezekiel 17
Ezekiel 17
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2
“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশৰ আগত এটা সাঁথৰ বাক্য প্ৰকাশ কৰা আৰু এটা দৃষ্টান্ত কোৱা।
3
তুমি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “ডাঙৰ ডেউকা থকা আৰু ডেউকাত দীঘল পাখি থকা এটা ডাঙৰ ঈগল পক্ষীয়ে, আৰু যি নানা বৰণৰ পাখিৰে ভৰা, সি লিবানোনলৈ আহি এৰচ গছজোপাৰ ওপৰত আহি বহিল।
4
সি সেই গছৰ আটাইতকৈ ওপৰত থকা আগডালদোখৰ ছিঙি বাণিজ্য দেশলৈ লৈ গ’ল। সি বেপাৰীসকলৰ নগৰত তাক ৰুই হ’ল।
5
সি সেই দেশৰ মাজৰ গুটিবোৰৰ পৰা এটি গুটি লৈ উৰ্ব্বৰা মাটিত ৰুলে। সি বিজল সমূহৰ কাষত তাক থলে; সি বাইশী গছৰ দৰে তাক ৰুলে।
6
তেতিয়া সেয়ে গজি বাঢ়ি, মাটিৰ তললৈ ব্যাপি যোৱা এক দ্ৰাক্ষালতা হ’ল। তাৰ ডালবোৰে সেই ঈগল পক্ষীৰ ফালে মুখ কৰিছিল আৰু শিপাবোৰ তাৰ তলত গজিছিল। সেয়ে এইদৰে দ্ৰাক্ষালতা হৈ ডালবোৰ উৎপন্ন হ’ল আৰু পোখাবোৰ মেলিলে।
7
কিন্তু বহুত পাখি আৰু ডাঙৰ ডেউকা থকা আন এটা ঈগল পক্ষী আছিল। আৰু চোৱা! এই দ্ৰাক্ষালতাৰ শিপাবোৰে নিজকে সেই ঈগল পক্ষীটোৰ ফালে শিপা মেলিলে, আৰু যি ভেটিটোত ৰোৱা হৈছিল, সেই ঠাইৰ পৰা সি পানী দিবৰ বাবে তাৰ ফালে ডালবোৰ বিয়পি গ’ল।
8
সেয়ে বহু জল সমূহৰ কাষত আৰু উৰ্ব্বৰা মাটিত তাক ৰোৱা হৈছিল। যাতে সেয়ে ডাল মেলিব আৰু ফল উৎপন্ন কৰি এখন উত্তম দ্ৰাক্ষালতা হ’ব’!”
9
তুমি লোকসকলক কোৱা: ‘প্ৰভু যিহোৱাই এই কথা কৈছে: সেয়ে উন্নতি লাভ কৰিব নে? তেওঁ জানো তাৰ শিপাবোৰ উঘালি নল’ব নে বা তাৰ ফলবোৰ ছিঙি নল’ব নে যাতে তাৰ নতুনকৈ ওলোৱা আটাই পাতবোৰ শুকাই লেৰেলা হৈ পৰে? তাৰ শিপা উঘালিবলৈ অধিক বল কি আনকি অনেক মানুহ নালাগিব।
10
সেই কাৰণে চোৱা! সেয়ে আকৌ ৰোৱাৰ পাছত তাৰ উন্নতি হ’ব নে? পূৱৰ বতাহ তাত লগা মাত্ৰে সেয়ে একেবাৰে শুকাই নাজাব নে? সেয়ে তাৰ গজা ভেটিতে সম্পূৰ্ণৰূপে শুকাই যাব’।”
11
তাৰ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
12
“তুমি সেই বিদ্ৰোহী বংশক কোৱা: ‘এইবোৰৰ অৰ্থ কি, সেই বিষয়ে তোমালোকে নাজানা নে? চোৱা! বাবিলৰ ৰজাই যিৰূচালেমলৈ আহি তাৰ ৰজাৰ সৈতে তাৰ বিষয়াসকলক ধৰি বাবিললৈ নিজৰ ঠাইলৈ লৈ আনিলে।
13
তাৰ পাছত তেওঁ ৰাজবংশীয় এজনক ল’লে আৰু তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে।
14
ৰাজ্যখন যেন সামান্য হয় আৰু নিজকে যেন বৰ বুলি নামানে আৰু তেওঁৰ নিয়মটি পালন কৰিলে হে দেশখন স্থিৰেৰে থাকিব পাৰিব, সেই কাৰণে তেওঁ দেশৰ বীৰ সকলক আঁটৰাই লৈ গ’ল।
15
কিন্তু যিৰূচালেমৰ ৰজাই মিচৰীয়াসকলৰ পৰা ঘোঁৰা আৰু অনেক মানুহ পাবৰ কাৰণে মিচৰলৈ নিজ দূতবোৰক পঠিয়াই দিলে আৰু তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁ উন্নতি লাভ কৰিব নে? এনে কৰ্ম কৰা জনে জানো ৰক্ষা পাব? তেওঁ যদি এই নিয়মটি ভাঙে, তেওঁ ৰক্ষা পাব নে?
16
‘মোৰ জীৱনৰ শপত, প্ৰভু যিহোৱাই কৈছে - যি ৰজাই তেওঁ নিজ থকা ঠাইত তেওঁক ৰজা পাতিলে, যাৰ শপত তেওঁ তুচ্ছ কৰিলে আৰু যাৰ নিয়মটি তেওঁ ভাঙিলে, বাবিলৰ মাজত তেওঁৰ তাতেই মৃত্যু হ’ব।
17
অনেক লোকক বধ কৰিবলৈ হাদাম বান্ধা আৰু কোঁঠ সজা সময়ত, ফৰৌণেও তেওঁৰ পৰাক্ৰমী সৈন্য-সামন্ত আৰু মহাদলৰ সৈতে ৰণত তেওঁক ৰক্ষা কৰিবলৈ নোৱাৰিব।
18
কিয়নো ৰজাই নিয়মটি ভাঙি শপতটো তুচ্ছ কৰিলে; চোৱা, তেওঁ হাতযোৰ কৰি শপত লোৱাৰ পাছতো, এই আটাই কাৰ্য কৰিলে; তেওঁ ৰক্ষা নাপাব।
19
এই কাৰণে ‘প্ৰভু যিহোৱাই এই কথা কৈছে - ‘মোৰ জীৱনৰ শপত, মোৰ শপত আৰু তেওঁ ভঙা মোৰ নিয়মটিৰ তুচ্ছ কৰা নাছিল নে? এই কাৰণে তেওঁ পাবলগীয়া শাস্তি মই তেওঁৰ ওপৰত ফলিওৱাম।
20
মই তেওঁৰ ওপৰত মোৰ জাল মেলিম আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব। তেতিয়া মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ কাৰণে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম।
21
তেতিয়া তেওঁৰ সকলো দলৰ আটাই আশ্রয়প্রাৰ্থী সকল তৰোৱালত মৰা পৰিব আৰু অৱশিষ্ট থকা সকলোকে চাৰিওফালে বায়ুত উড়ুৱাই নিয়া হ’ব; তেতিয়া মই যিহোৱায়েই যে এই কথা ক’লোঁ, সেই বিষয়ে তোমালোকে জানিবা।”
22
প্ৰভু যিহোৱাই এই কথা কৈছে: “ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম!
23
ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই মই তাক ৰুম; তেতিয়া সি ডাল মেলিব আৰু ফল ধৰি এজোপা উত্তম এৰচ গছ হ’ব; যাতে সকলো বিধৰ চৰাইয়ে তাৰ তলত বাস কৰিব আৰু তাৰ ডালবোৰৰ ছাঁত সিহঁতে বাস কৰিব।
24
তেতিয়া মই যে যিহোৱা সেই বিষয়ে পথাৰত থকা সকলো গছবোৰে জানিব। মই ওখ গছজোপা চাপৰ, চাপৰ গছজোপা ওখ কৰোঁ; মই কেঁচাপতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ! মই যিহোৱা; এই কথা ঘোষণা কৰিলোঁ আৰু ইয়াক সিদ্ধও কৰিলোঁ!”
← Chapter 16
Chapter 18 →