bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
Amos 3
Amos 3
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
হে ইস্ৰায়েলৰ লোক সমূহ, তোমালোকৰ বিৰুদ্ধে অর্থাৎ যিসকলক মিচৰ দেশৰ পৰা মই উলিয়াই আনিলো, সেই গোটেই ফৈদৰ বিৰুদ্ধে যিহোৱাই কোৱা এই বাক্য শুনা;
2
“পৃথিৱীৰ সকলো ফৈদৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাচি ললোঁ। এই কাৰণে তোমালোকৰ সকলো পাপ কার্যৰ বাবে মই তোমালোকক দণ্ড দিম।।
3
এক-পৰামৰ্শ নহলে দুজনে জানো একেলগে খোজ কাঢ়ে?
4
চিকাৰ নোপোৱাকৈ অৰণ্যত সিংহই জানো গৰ্জ্জন কৰে? একো নধৰাকৈ যুবা সিংহই জানো তাৰ গাতৰ ভিতৰত গুজৰি থাকে?
5
ফান্দত টোপ নাথাকিলে জানো চৰাই ফান্দৰ ওচৰলৈ আহে? একো নধৰাকৈ জানো ফান্দ উফৰি উঠে?
6
নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে?
7
অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।
8
সিংহই গৰ্জ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু যিহোৱাই কবলৈ কলে কোনে ভাববাদীৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব?
9
তোমালোকে অচ্দোদ আৰু মিচৰৰ সকলো দুর্গৰ লোকসকলৰ ওচৰত প্ৰচাৰ কৰি কোৱা, ‘তোমালোকে চমৰিয়াৰ পৰ্ব্বতবোৰৰ ওপৰত গোট খোৱা; চোৱা, তাৰ মাজত কিমান বিশৃঙ্খল হৈছে! লোকসকলৰ মাজত কিমান অত্যাচাৰ হৈছে’!”
10
কিয়নো প্রভু যিহোৱাই এই কথা কৈছে, “তেওঁলোকে ন্যায় কাৰ্য কৰিব নাজানে; তেওঁলোকৰ দুর্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুট-দ্রব্য সাঁচি থৈছে।
11
এই হেতুকে কোনো এজন শত্ৰুৱে দেশ ঘেৰাও কৰিব; তেওঁ তেওঁলোকৰ শক্তিশালী প্রতিৰক্ষাৰ উপায়বোৰ ধ্বংস কৰিব আৰু দুর্গবোৰ লুট কৰিব।”
12
যিহোৱাই এই কথা কৈছে, “মেৰ-ছাগ ৰখীয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল মেৰ-ছাগৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰিয়াত যি ইস্রায়েলৰ লোকসকলে বাস কৰে, তেওঁলোকে কেৱল শয্যাৰ চুক বা বিচনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব। ”
13
বাহিনীগণৰ ঈশ্বৰ যিহোৱাই কৈছে, “তোমালোকে শুনা আৰু যাকোবৰ বংশৰ বিৰুদ্ধে সাক্ষ্য দিয়া।
14
কিয়নো মই যিদিনা পাপৰ কাৰণে ইস্ৰায়েলক দণ্ড দিম, সেইদিনা মই বৈৎএলৰ যজ্ঞবেদীবোৰ ভাঙি পেলাম; বেদীৰ শিংবোৰ ভাঙি মাটিত পৰিব।
15
মই জাৰকাল কটোৱা ঘৰ আৰু জহকাল কটোৱা ঘৰ ভাঙি পেলাম; হাতী দাঁতৰ শিল্পকার্য কৰা ঘৰবোৰ নষ্ট কৰা হ’ব আৰু ডাঙৰ ডাঙৰ ঘৰবোৰ ধ্বংস কৰা হ’ব।” যিহোৱাই এই কথা কৈছে।
← Chapter 2
Chapter 4 →