bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
2 Chronicles 10
2 Chronicles 10
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
পাছত ৰহবিয়াম চিখিমলৈ গ’ল; কিয়নো তেওঁক ৰজা পাতিবলৈ গোটেই ইস্ৰায়েল চিখিমলৈ গৈছিল।
2
এনেতে নবাটৰ পুত্ৰ যাৰবিয়ামে সেই বাৰ্ত্তা পালে, কিয়নো তেওঁ মিচৰত আছিল, চলোমন ৰজাৰ ভয়ত তেওঁ মিচৰলৈ পলাই গৈছিল; তাৰ পাছত তেওঁ মিচৰৰ পৰা উলটি আহিল৷
3
কিয়নো লোকসকলে মানুহ পঠিয়াই তেওঁক মতাই আনিছিল; তাৰ পাছত যাৰবিয়াম আৰু গোটেই ইস্ৰায়েলে আহি ৰহবিয়ামক এই কথা ক’লে,
4
“আপোনাৰ পিতৃয়ে আমাৰ ওপৰত সহিব নোৱাৰা যুৱলি দি গ’ল৷ এই হেতুকে আপোনাৰ পিতৃয়ে আমাক যি সহিব নোৱাৰা দাস্যকৰ্মত লগাই দি গধুৰ যুৱলি দি গ’ল, আপুনি তাৰ কিছু লঘূ কৰক, তেতিয়া আমি আপোনাৰ দাস হৈ থাকিম।”
5
তেতিয়া ৰহবিয়ামে তেওঁলোকক ক’লে, “তিনি দিনৰ পাছত তোমালোকে আকৌ মোৰ ওচৰলৈ আহিবা।” তেতিয়া লোকসকল গুচি গ’ল।
6
পাছত ৰজা ৰহবিয়ামে তেওঁৰ পিতৃ চলোমন জীৱিত থকা কালত যি বৃদ্ধসকল তেওঁৰ আগত থিয় দি আছিল তেওঁলোকৰ লগত মন্ত্ৰণা কৰি সুধিলে, “মই সেই লোকসকলক উত্তৰ দিবলৈ তোমালোকে কি পৰামৰ্শ দিয়া?”
7
তেওঁলোকে তেওঁক ক’লে, “আপুনি যদি সেই লোকসকললৈ মৰমীয়াল হৈ তেওঁলোকক সন্তুষ্ট কৰে আৰু তেওঁলোকক ভাল কথা কয়, তেন্তে তেওঁলোক চিৰকাললৈকে আপোনাৰ দাস হৈ থাকিব।”
8
কিন্তু ৰহবিয়ামক বৃদ্ধসকলে দিয়া পৰামৰ্শ অৱজ্ঞা কৰি, যিসকল তেওঁৰে লগত একে সমানে ডাঙৰ-দীঘল হোৱা ডেকাসকল তেওঁৰ আগত থিয় দি আছিল, তেওঁলোকৰ সৈতে মন্ত্ৰণা কৰিলে।
9
তেওঁ তেওঁলোকক ক’লে, “মোৰ আগত কোৱা সেই লোকসকলক আমি উত্তৰ দিবৰ বাবে তোমালোকে কি পৰামৰ্শ দিবা, সেই লোকসকলে মোক এইদৰে ক’লে, বোলে, ‘আপোনাৰ পিতৃয়ে আমাৰ ওপৰত যি যুৱলি দি গ’ল, তাৰ কিছু লঘূ কৰক’?”
10
তেওঁৰ একে সমানে ডাঙৰ-দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে আমাৰ ওপৰত গধুৰ যুৱলি দি গ’ল কিন্তু আপুনি তাৰ কিছু লঘূ কৰক বুলি আপোনাৰ আগত কোৱা লোকসকলক সেই কথা কওঁক, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।
11
এই হেতুকে শুনা, মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধূৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধূৰ কৰিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম’, এইদৰেই আপুনি তেওঁলোকক কওক৷”
12
পাছত “তৃতীয়দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল।
13
তাতে ৰজাই তেওঁলোকক টান টান কথাৰে উত্তৰ দিলে; ৰহবিয়াম ৰজাই বৃদ্ধসকলৰ পৰামৰ্শ অৱজ্ঞা কৰিলে৷
14
সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক তেওঁ এই কথা কলে, “মোৰ পিতৃয়ে তোমালোকক দিয়া যুৱলি তাতোকৈ অধিক গধুৰ কৰিম; ইয়াত মই পুনৰ যোগ দিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম।”
15
এইদৰে ৰজাই লোকসকলৰ কথা নুশুনিলে; কিয়নো চীলোনীয়া অহীয়াৰ দ্বাৰাই দিয়া নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে ঈশ্বৰৰ পৰাহে এই ঘটনা ঘটিল।
16
যেতিয়া ইস্ৰায়েলৰ লোকসকলে দেখিলে যে, ৰজাই তেওঁলোকৰ কথা শুনা নাই তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দিলে আৰু ক’লে, “দায়ূদৰ ওচৰত আমাৰ কি অংশ আছে? যিচয়ৰ পুত্ৰৰ ওচৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল, তোমালোকে নিজ নিজ তম্বুলৈ যোৱা৷ হে দায়ুদ, তুমি এতিয়া নিজ বংশলৈ চোৱা।” এইদৰে সমুদায় ইস্ৰায়েল নিজ নিজ তম্বুলৈ পুনৰ উভতি গ’ল।
17
কিন্তু যিহূদাৰ নগৰবোৰত বাস কৰা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত হ’লে ৰহবিয়ামে ৰাজত্ব কৰি থাকিল।
18
পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাসকলৰ অধ্যক্ষ হদোৰামক পঠিয়াওতে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলৈ এনেদৰে শিল দলিয়ালে যে, যাৰ ফলত তেওঁ তাতে মৰিল৷ ৰজা ৰহবিয়ামে নিজৰ ৰথত উঠি বেগাবেগীকৈ যিৰূচালেমলৈ পলাই গ’ল।
19
এইদৰে ইস্ৰায়েলে দায়ূদৰ বংশৰ বিৰুদ্ধে আজিলৈকে সেই ভাবেৰেই বিদ্ৰোহ আচৰণ কৰি আছে।
← Chapter 9
Chapter 11 →