bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
1 Corinthians 5
1 Corinthians 5
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
আমি শুনিছোঁ যে, আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।
2
আপোনালোকে তথাপি নিজৰ বিষয়ে অহংকাৰহে কৰি আছে! ইয়াৰ পৰিৱর্তে আপোনালোকে জানো শোক কৰা উচিত নাছিল? এনে কৰ্ম যি জন ব্যক্তিয়ে কৰিছে, তেওঁক যেন আপোনালোকৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হয়।
3
শৰীৰেৰে অনুপস্থিত থাকিলেও, আত্মাত মই আপোনালোকৰ লগত আছোঁ; যি ব্যক্তিয়ে এনে প্রকাৰৰ কার্য কৰিছে, উপস্থিত থকাৰ দৰে মই তেওঁৰ বিষয়ে বিচাৰ কৰিলোঁ।
4
আপোনালোকে যেতিয়া আমাৰ প্ৰভু যীচুৰ নামেৰে একত্রিত হয়, মোৰ আত্মাও আমাৰ প্রভু যীচুৰ শক্তিত সেই ঠাইত থকাত মই এই মানুহৰ বিচাৰ কৰিলোঁ।
5
তেনেকুৱা মানুহক মাংসৰ বিনাশৰ অৰ্থে চয়তানৰ হাতত শোধাই দিয়া উচিত, যাতে প্ৰভু যীচুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়।
6
আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে?
7
নিজকে শুচি কৰি পুৰণি খমিৰ দূৰ কৰি পেলোওক যাতে, আপোনালোক সনা পিঠাগুড়িৰ নতুন লদা হ’ব পাৰে; কাৰণ আপোনালোকতো এতিয়া খমিৰ নোহোৱা পিঠাৰ দৰে। পুৰণি খমিৰ দূৰ কৰক। কাৰণ আমাৰ নিস্তাৰপৰ্বৰ মেৰ পোৱালিৰূপে যি জনক বলিদান কৰা হ’ল, তেওঁ খ্রীষ্ট।
8
এতেকে আহক, আমি পুৰণি খমিৰৰ পিঠাৰে অর্থাৎ পাপ স্বভাৱ আৰু দুষ্টতাৰে নহয়, কিন্তু সৰলতা আৰু সত্যতাৰ খমিৰবিহীন পিঠাৰে পৰ্ব পালন কৰোঁহক।
9
মই মোৰ পত্রত লিখিছিলো যে, আপোনালোকে যেন ব্যভিচাৰী মানুহৰে সৈতে আলাপ-ব্যৱহাৰ নকৰে।
10
কিন্তু সেই বুলিয়েই যে এই জগতৰ ব্যভিচাৰী, লোভী, প্রৱঞ্চক বা মূৰ্তিপূজক লোক সকলৰ সৈতে একেবাৰে আলাপ-ব্যৱহাৰ কৰিব নালাগে, এনে নহয়; কাৰণ সেয়ে হ’লে, আপোনালোক জগতৰে বাহিৰ হব লগা হব।
11
মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে, খ্রীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেনেহলে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিব।
12
কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি দৰকাৰ? মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো আপোনালোকে নকৰে?
13
কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে। “আপোনালোকৰ মাজৰ পৰা সেই দুষ্ট লোকক বাহিৰ কৰি দিয়ক।”
← Chapter 4
Chapter 6 →