bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
1 Chronicles 27
1 Chronicles 27
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
সংখ্যা অনুসাৰে ইস্ৰায়েলৰ পৰিয়ালৰ মূখ্য লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, তাৰ উপৰিও সৈন্যৰ কৰ্মচাৰীসকল, যিসকলে বিভিন্ন ধৰণে ৰজাৰ পৰিচৰ্যা কৰিছিল। সৈন্যৰ প্রতি বিভাগসমূহে গোটেই বছৰ মাহৰ পাছত মাহ পৰিচৰ্যা কৰিছিল। প্রতি বিভাগত চৌবিশ হাজাৰ লোক আছিল।
2
বিভাগৰ দ্বয়ীত্বত প্ৰথম মাহৰ বাবে জব্দীয়েলৰ পুত্ৰ যাচবিয়াম আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
3
তেওঁ পেৰচৰ বংশধৰসকলৰ মাজৰ এজন আৰু তেওঁ প্ৰথম মাহৰ সকলো সৈন্যৰ বিষয়াসকলৰ দ্বয়ীত্বত আছিল।
4
দ্বিতীয় মাহৰ বিভাগৰ দ্বায়ীত্বত অহোহীয়াৰ বংশৰ গোষ্ঠীৰ দোদয়া আছিল। মিক্লোত দ্ৱিতীয় পদবীত আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
5
যিহোয়াদা পুৰোহিতৰ পুত্ৰ বনায়া তৃতীয় মাহৰ কাৰণে সৈন্যৰ সেনাপতি আছিল। এই বিভাগত চৌবিশ হাজাৰ লোক আছিল।
6
এই জনেই সেই বনায়া যি জন ত্ৰিশ জনৰ আৰু ত্রিশ জনৰ ওপৰত নেতা আছিল। তেওঁৰ পুত্র অম্মিযাবদ তেওঁৰ বিভাগত আছিল।
7
যোৱাবৰ ভায়েক অচাহেল চতুৰ্থ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ পুত্ৰ জবদিয়া তেওঁৰ পাছত সেনাপতি হ’ল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
8
যিজ্ৰাহীয়াৰ বংশধৰৰ চমহুৎ পঞ্চম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
9
তকোৱায়ীয়া পৰা হোৱা ইক্কেচৰ পুত্ৰ ঈৰা ষষ্ঠ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
10
ইফ্ৰয়িমৰ লোকসকলৰ পৰা পলোনীয়া হেলচ সপ্তম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
11
জেৰহৰ বংশৰ গোষ্ঠীৰ পৰা হূচাতীয়া চিব্বকয় অষ্টম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
12
বিন্যামীনৰ জাতিৰ পৰা অনাথোতীয়া অবীয়েজৰ নৱম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
13
জেৰহৰ বংশৰ গোষ্ঠীৰ নটোফাতীয়া নগৰৰ পৰা মহৰয় দশম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
14
ইফ্ৰয়িমৰ জাতিৰ পৰা পিৰাথোনীয়া নগৰৰ বনায়া একাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
15
অৎনীয়েলৰ বংশৰ গোষ্ঠীৰ পৰা নটোফাতীয়া নগৰৰ হিলদয় দ্বাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
16
এওঁলোকেই ইস্ৰায়েল জাতিৰ নেতাসকল: ৰূবেণীয়া জাতিৰ বাবে জিখ্ৰীৰ পুত্ৰ ইলীয়েজৰ নেতা আছিল। চিমিয়োনীয়া জাতিৰ বাবে মাখাৰ পুত্ৰ চফটিয়া নেতা আছিল।
17
লেবীয়া জাতিৰ বাবে কমূৱেলৰ পুত্ৰ হচবিয়া নেতা আছিল। আৰু হাৰোণৰ বংশধৰসকলক চাদোকে নেতৃত্ব দিছিল।
18
যিহূদা জাতিৰ বাবে ইলীহূ নেতা আছিল। তেওঁ দায়ূদৰ ভায়েকসকলৰ মাজৰ এজন।
19
জবূলূন জাতিৰ বাবে ওবদিয়াৰ পুত্ৰ যিচময়া নেতা আছিল। নপ্তালীৰ বাবে অজ্ৰীয়েলৰ পুত্ৰ যিৰীমোৎ নেতা আছিল।
20
ইফ্ৰয়িম জাতিৰ বাবে অজজিয়াৰ পুত্ৰ হোচেয়া নেতা আছিল। মনচিৰ আধা জাতিৰ বাবে পদায়াৰ পুত্ৰ যোৱেল নেতা আছিল।
21
গিলিয়দত থকা মনচিৰ আধা জাতিৰ বাবে জখৰিয়াৰ পুত্ৰ যিদ্দো নেতা আছিল। বিন্যামীনৰ জাতিৰ বাবে অবনেৰৰ পুত্ৰ যাচীয়েল নেতা আছিল।
22
দানৰ জাতিৰ বাবে যিৰোহমৰ পুত্ৰ অজৰেল নেতা আছিল। ইস্ৰায়েল জাতিৰ বাবে এওঁলোকেই নেতা আছিল।
23
দায়ূদে বিশ বছৰ বা তাতকৈ ক’ম বয়সৰ লোকসকলক গণনা কৰা নাছিল, কাৰণ যিহোৱাই ইস্ৰায়েলক আকাশৰ তৰাবোৰৰ নিচিনা অসংখ্য কৰিবলৈ প্রতিজ্ঞা কৰিছিল।
24
চৰূয়াৰ পুত্ৰ যোৱাবে গণনা কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু শেষ নকৰিলে। এই কাৰণে ইস্ৰায়েলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত হৈছিল। তেওঁলোকৰ সংখ্যা দায়ুদ ৰজাৰ বংশাৱলীত লিখা নহ’ল।
25
অদীয়েলৰ পুত্ৰ অজমাবৎ ৰজাৰ মূল্যৱান সম্পদৰ দ্বয়ীত্বত আছিল। উজ্জিয়াৰ পুত্ৰ যোনাথন খেতি-পথাৰত, নগৰবোৰত, গাওঁসমূহত, আৰু দুৰ্গবোৰত থকা গুদামৰ দ্বয়ীত্বত আছিল।
26
কলূবৰ পুত্ৰ ইজ্ৰী মাটি চহোৱা খেতিয়ক সকলৰ ওপৰত আছিল।
27
ৰামাথীয়া চিমিয়ী দ্ৰাক্ষাবাৰীবোৰৰ দ্বয়ীত্বত আছিল। চিফমীয়াৰ পৰা অহা জব্দী আঙুৰৰ আৰু দ্ৰাক্ষাৰস বিক্রী কৰোঁতা সকলৰ ওপৰত দ্বয়ীত্বত আছিল।
28
নিম্ন-ভূমিত থকা জিত গছ আৰু ডিমৰু গছবোৰ, গদেৰীয়াৰ পৰা অহা বাল-হাননৰ দ্বয়ীত্বত আছিল আৰু তেলৰ গুদামৰ দ্বয়ীত্বত যোৱাচ আছিল।
29
চাগোণৰ পৰা অহা চিত্রয় চাৰোণত চৰা জন্তুৰ জাকবোৰৰ দায়িত্বত আছিল। উপত্যকাবোৰত চৰা জন্তুৰ জাকবোৰৰ দ্বয়ীত্বত অদলয়ৰ পুত্ৰ চাফট আছিল।
30
উটবোৰৰ দ্বয়ীত্বত ইশ্মায়েলীয়া অবীল আছিল, আৰু গাধীবোৰৰ দ্বায়ীত্বত মেৰোনোথীয়া যেহদিয়া আছিল।
31
এওঁলোক দায়ুদ ৰজাৰ সম্পতিৰ দ্বয়ীত্বত আছিল।
32
দায়ূদৰ দদায়েক যোনাথন, তেওঁ এজন পৰামৰ্শদাতা আছিল, যিহেতু তেওঁ এজন জ্ঞানী আৰু নথি সংৰক্ষক আছিল। হকমোনীৰ পুত্ৰ যিহীয়েল ৰজাৰ পুত্রসকলৰ তত্বৱধানৰ দ্বায়ীত্বত আছিল।
33
অহীথোফল ৰজাৰ পৰামৰ্শদাতা আছিল, অৰ্কীয়া লোকসকলৰ মাজৰ হূচয় ৰজাৰ ব্যক্তিগত পৰামৰ্শদাতা আছিল।
34
অহীথোফলৰ পাছত বনায়াৰ পুত্ৰ যিহোয়াদা অবিয়াথৰ যোগেদি তেওঁৰ স্থান লয়। যোৱাব ৰজাৰ সৈন্যসকলৰ সেনাপতি আছিল।
← Chapter 26
Chapter 28 →