bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
1 Chronicles 25
1 Chronicles 25
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
দায়ুদ আৰু আবাসৰ পৰিচৰ্যাৰ প্রধান লোকসকলে আচফ, হেমন, আৰু যিদূথূনৰ পুত্র সকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বীণা, বেহেলা, আৰু তালেৰে ভাবিষ্যত বাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:
2
আচফৰ পুত্র সকলৰ পৰা: জক্কুৰ, যোচেফ, নথনিয়া, আৰু অচৰেলা; আচফৰ পুত্রসকল আচফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাববাণী কৰে।
3
যিদূথূনৰ পুত্র সকলৰ পৰা: গদলিয়া, চৰী, যিচয়া, হচবিয়া, চিমিয়া, আৰু মত্তিথিয়া, এই ছয় জনে, তেওঁলোকৰ পিতৃ যিদুথূনৰ নিৰ্দেশ অনুযায়ী যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবে বীণা বজায়।
4
হেমনৰ পুত্র সকলৰ পৰা: বুক্কিয়া, মত্তনিয়া, উজ্জীয়েল, চবূৱেল, যিৰীমোৎ, হননিয়া, হনানী, ইলীয়াথা, গিদ্দলতী, ৰোমমতী-এজৰ, যচবিকাচা, মল্লোথী, হোথীৰ আৰু মহজীয়োৎ।
5
ৰজাৰ ভাববাদী হেমনৰ এওঁলোক পুত্র। ঈশ্বৰক শ্রদ্ধা কৰিবলৈ তেওঁক চৌদ্ধ জন পুত্র আৰু তিনি জনী ছোৱালী দান কৰিলে।
6
তেওঁলোকৰ পিতৃৰ নিৰ্দেশ অনুযায়ী এই সকলো কৰিছিল। তেওঁলোক ঈশ্ৱৰৰ গৃহৰ বাদ্যকৰ আছিল, তেওঁলোকে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে তাল, বেহেলা, আৰু বীণা বজাইছিল। আচফ, যিদূথূন, আৰু হেমন ৰজাৰ নিৰ্দেশৰ অধীনত আছিল।
7
তেওঁলোক আৰু তেওঁলোকৰ ভাইসকল যিহোৱাৰ উদ্দেশ্যে বাদ্য বজোৱাত প্রশিক্ষণ প্রাপ্ত আৰু নিপুণ আছিল তেওঁলোক সংখ্যাত দুশ আঠাশী জন আছিল।
8
তেওঁলোকৰ সৰু কি বৰ, গুৰু কি শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিব লগীয়া কাৰ্য কৰিবলৈ থিৰ কৰিছিল।
9
এতিয়া আচফৰ পুত্র সকলৰ বিষয়ে: প্ৰথম চিঠি খেলত যোচেফৰ পৰিয়ালৰ নাম উঠিল; দ্বিতীয় গদলিয়াৰ পৰিয়ালৰ নামত উঠিল, তেওঁলোক সংখ্যাত বাৰ জন;
10
তৃতীয় জক্কুৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় লোক সকল সংখ্যাত বাৰ জন;
11
চতুৰ্থ যিখ্ৰীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
12
পঞ্চম নথনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
13
ষষ্ঠ বুক্কিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
14
সপ্তম যিচৰেলাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
15
অষ্টম যিচয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয়সকল সংখ্যাত বাৰ জন;
16
নৱম মত্তনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
17
দশম চিমিয়ীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
18
একাদশ অজৰেলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
19
দ্বাদশ হচবিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
20
ত্ৰয়োদশ চূবায়েলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্বন্ধীয় সকল সংখ্যাত বাৰ জন;
21
চতুৰ্দ্দশ মত্তিথিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
22
পঞ্চদশ যিৰোমোতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
23
ষোড়শ হননিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
24
সপ্তদশ যচবিকাচাৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
25
অষ্টাদশ হনানীৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
26
ঊনবিংশ মল্লোথীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
27
বিংশ ইলিয়াথাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
28
একবিংশ হোথীৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
29
দ্বাবিংশ গিদ্দলতীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
30
ত্ৰয়োদশ মহজীয়াতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
31
চতুৰ্ব্বিংশ ৰোমমতী-এজৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
← Chapter 24
Chapter 26 →