bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Assamese
/
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
/
1 Chronicles 10
1 Chronicles 10
Assamese - 2019 (ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019)
1
পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। ইস্ৰায়েলৰ সকলো লোক পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা পলাল, আৰু অনেক লোকৰ মৃত্যু হৈ গিলবোৱা পৰ্বতত পৰিল।
2
পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলক পাছে পাছে খেদি গৈ, চৌলৰ পুত্ৰ যোনাথনক, অবীনাদবক, আৰু মল্কীচুৱাক বধ কৰিলে।
3
চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগচি ধৰিলে। ধনুৰ্দ্ধৰসকলৰ কাৰণে তেওঁ ত্ৰাসযুক্ত হ’ল।
4
তাৰ পাছত চৌলে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল উলিয়াই তাৰে মোক খোঁচ। নহলে, এই অচুন্নৎহঁতে আহি মোক অপব্যৱহাৰ কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে মান্তি নহ’ল, কাৰণ তেওঁ অতিশয় ভয়ত আছিল। সেয়ে চৌলে নিজৰ তৰোৱাল লৈ তাৰ ওপৰত পৰিল।
5
যেতিয়া তেওঁৰ অস্ত্ৰবাহকে দেখিলে চৌলৰ মৃত্যু হ’ল; তেতিয়া তেওঁৰ অস্ত্ৰবাহকেও তেওঁৰ দৰে নিজৰ তৰোৱালৰ ওপৰত পৰি মৰিল।
6
এইদৰে চৌল, তেওঁৰ তিনি জন পুত্ৰ, আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যসকলৰো একে-লগে মৃত্যু হ’ল।
7
যেতিয়া ইস্ৰায়েলৰ লোক সকলে সমথল ঠাইলৈ আহি দেখিলে যে, তেওঁলোক পলাইছে আৰু চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু হ’ল; তেতিয়া তেওঁলোকে নিজৰ নগৰবোৰ এৰি পলাল। তাৰ পাছত পলেষ্টীয়াসকলে আহি সেইবোৰ ঠাইত বাস কৰিলে।
8
পিছদিনা পলেষ্টীয়াসকলে বধ কৰা লোকসকলৰ সাজ সোলোকাই লবলৈ আহি, গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহ পৰি থকা পালে।
9
তেতিয়া তেওঁলোকে চৌলৰ সাজ সোলোকালে আৰু তেওঁৰ মূৰ লৈ, নিজৰ দেৱতাবোৰক আৰু লোকসকলক বাতৰি জনাবৰ বাবে, পলেষ্টীয়াসকলৰ দেশত সকলো ফালে বাৰ্ত্তাবাহক পঠাই দিলে।
10
তেওঁলোকে চৌলৰ যুদ্ধৰ সাজ তেওঁলোকৰ দেৱতাবোৰৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ মূৰ দাগোনৰ মন্দিৰৰ ভিতৰত আৰি থলে।
11
যেতিয়া যাবেচ গিলিয়দৰ সকলো লোকে পলেষ্টীয়াসকলে চৌললৈ কৰা সেই কৰ্মৰ বাতৰি পালে,
12
তেতিয়া তেওঁলোকৰ সকলো যুদ্ধাৰু লোকে গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহবোৰ যাবেচলৈ লৈ আহিল, আৰু তেওঁলোকৰ অস্থি যাবেচত থকা ওক গছৰ তলত পুতি হ’ল, আৰু সাত দিন লঘোন দিলে।
13
চৌল যিহোৱাৰ অবিশ্ৱাসী হোৱাৰ বাবে এইদৰে মৃত্যু হ’ল। তেওঁ যিহোৱাৰ আজ্ঞা বোৰ পালন নকৰিলে, কিন্তু পৰামৰ্শ লবলৈ মৃতলোকৰ লগত কথা পতা লোকৰ ওচৰলৈ গৈছিল।
14
তেওঁ যিহোৱাৰ পৰা মাৰ্গ প্ৰদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰা নাছিল। সেয়ে যিহোৱাই তেওঁক মাৰিলে আৰু ৰাজ্যকো কাঢ়ি লৈ যিচয়ৰ পুত্ৰ দায়ূদক দিলে।
← Chapter 9
Chapter 11 →